নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৫ বছৰ পূর্বৰ ঘটনাক লৈ পদত্যাগ আইচলেণ্ডৰ মন্ত্রীৰ

🔹 কিশোৰৰ ঔৰসত সন্তান জন্ম দি আইন উলংঘনৰ অপৰাধ

নিউজ ডেস্ক, ২৩ মার্চ : ৩৫ বছৰ পূর্বে কিশোৰৰ সৈতে শাৰীৰিক সম্পর্ক কৰি সন্তান জন্ম দি আইন উলংঘন কৰাৰ বাবে আইচলেণ্ডৰ শিক্ষা আৰু শিশু কল্যাণ মন্ত্রী আস্থিলদুৰ লোয়া থোৰেষ্ট দোতিকে কালি পদত্যাগ কৰিবলগীয়া হৈছে৷ অকল মন্ত্রিত্বৰ পৰাই পদত্যাগ নহয়, শিক্ষামন্ত্রীগৰাকীয়ে সংসদৰ সদস্য পদৰ পৰাও পদত্যাগ কৰিবলগীয়া হৈছে৷ উল্লেখ্য যে তিনি দশক পূর্বে এক বেচৰকাৰী সংস্থাৰ সৈতে জড়িত আস্থিলদুৰে এজন কিশোৰৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল৷ তেতিয়া আস্থিলদুৰৰ বয়স হৈছিল ২৩ আৰু কিশোৰজনৰ বয়স ১৫৷ আইচলেণ্ডৰ আইন অনুসৰি ১৬ বছৰৰ অধীনৰ কিশোৰৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন কৰাটো আইনবিৰুদ্ধ৷ এনে কাৰণতে আস্থিলদুৰ আইন উলংঘনত অভিযুক্ত হৈছে৷ বর্তমান শিক্ষামন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকা আস্থিলদুৰৰ বয়স হৈছে ৫৮ বছৰ৷ ৩৫ বছৰৰ পূর্বৰ এক ঘটনাত শিক্ষামন্ত্রীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হোৱাত দেশখনত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে মন্ত্রীগৰাকীয়ে এক সাক্ষাৎকাৰত নিজেই স্বীকাৰোক্তি দি আইন উলংঘন কৰা বুলি মানি লৈছে৷ তেওঁ প্রকাশ কৰা মতে, ২২ বছৰ বয়সত ধর্মীয় বেচৰকাৰী সংস্থা এটাত কাম কৰি থকাৰ সময়তে কিশোৰজনৰ সৈতে তেওঁৰ সম্পর্ক গঢ়ি উঠে৷ এই সম্পর্কৰ ফলতেই সন্তানৰ জন্ম হয়৷ ১৫ বছৰীয়া কিশোৰজনৰ সৈতে তেওঁৰ সম্পর্ক হৈছিল৷ মন কৰিবলগীয়া যে সন্তানটোৰ পিতৃয়ে তেওঁৰ সন্তানটোক সাক্ষাৎ কৰিবলৈ নিদিয়াৰ পৰিপ্রেক্ষিততেই এই বিষয়টো পোহৰলৈ আহে আৰু শিক্ষামন্ত্রীগৰাকীৰ ৩৫ বছৰৰ পূর্বৰ ঘটনাটি চর্চালৈ আহে৷ আইচলেণ্ডৰ আইন অনুসৰি এনে অপৰাধত এজন ব্যক্তিৰ সর্বোচ্চ শাস্তি তিনি বছৰৰ কাৰাবাসো হ’ব পাৰে৷ শিক্ষামন্ত্রীগৰাকীয়ে এই ঘটনা সন্দর্ভত নিজৰ ভুল বুলি স্বীকাৰ কৰিছে৷ বিগত ৩৫ বছৰে তেওঁৰ জীৱনলৈ বহুতো পৰিৱর্তন আহিছে৷ কিন্তু এই বিষয়টোৰ পৰা আঁতৰি অহাটো সম্ভৱ নহয়৷ গতিকে তেওঁ চৰকাৰৰ পৰা পদত্যাগ কৰিছে৷

You might also like