নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাই যদি যুদ্ধ বিচাৰে, আমি যুদ্ধ কৰিবলৈ সাজু

📌 আমেৰিকাক সকীয়নি চীনৰ

নিউজ ডেস্ক, ৬ মার্চ : শুল্ক আৰোপক লৈ প্রত্যক্ষ সংঘাতত লিপ্ত হৈছে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্র৷ সর্বশক্তিমানৰ দৌৰত শীতল যুঁজ চলি থকা আমেৰিকা আৰু চীনৰ মাজত শেহতীয়াকৈ শুল্ক আৰোপক লৈ বাণিজ্যিক যুদ্ধ এখন আৰম্ভ হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিয়েই ড’নাল্ড ট্রাম্পে চীনা সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছতে চীনেও মার্কিন ৰাষ্ট্রপতিক প্রত্যাহ্বান জনাই মার্কিন সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিলে৷ ইয়াকে লৈ দুয়ো দেশৰ মাজত সংঘাত আৰম্ভ হৈছে৷ শুল্ক আৰোপক লৈ আমেৰিকাক কঠোৰ সকীয়নি বার্তা প্রদান কৰি চীনে আমেৰিকাৰ সৈতে যিকোনো যুদ্ধৰ বাবে সাজু হৈ আছে বুলি প্রকাশ কৰিছে৷ বেইজিঙে আমেৰিকাক প্রত্যাহ্বান জনাই কয়, চীন যিকোনো যুদ্ধৰ বাবে সাজু, সি লাগিলে শুল্ক যুদ্ধই হওক নতুবা আন কিবা যুদ্ধই হওক৷ চীনৰ বৈদেশিক মন্ত্রালয়ে অভিযোগ কৰে যে ফেণ্টানীল সংকটৰ বাবে আমেৰিকা যুক্তৰাষ্ট্র নিজে দায়ী৷ গতিকে এই বিষয়টোত আমেৰিকাক সহায় কৰিবলৈ চীনে পদক্ষেপ লৈছে যদিও আমেৰিকাই ইয়াক স্বীকৃতি দিয়াৰ পৰিৱর্তে চীনৰ ওপৰত অযথা চাপ সৃষ্টি কৰিছে৷ শুল্ক বৃদ্ধিৰে চীনক চাপ আৰু ব্লেকমেইলিং কৰা বুলি অভিযোগ কৰি মার্কিন চৰকাৰক দেশখনৰ প্রতিটো সিদ্ধান্তক প্রত্যাহ্বান জনাব বুলিও কয় চীনৰ বৈদেশিক মন্ত্রালয়ে৷

You might also like