নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীয়ে নিশা পলমকৈ উভতিলে পত্নীয়ে সন্দেহ কৰিবই

🔹 গোচৰৰ শুনানিত ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ পর্যবেক্ষণ

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : স্বামী সঘনে পলমকৈ নিশা ঘৰলৈ উভতিলে পত্নীয়ে সন্দেহ কৰিবই৷ এয়া স্বাভাৱিক ঘটনা৷ এগৰাকী ৰাজনৈতিক নেতাই কৰা গোচৰৰ শুনানিত এই পর্যবেক্ষণ আগবঢ়ালে ছত্তিশগড় উচ্চ ন্যায়ালয়ে৷ ন্যায়াধীশ গৌতম ভাণ্ডাৰী আৰু ন্যায়াধীশ দীপক কুমাৰ তিৱাৰীৰ বিচাৰপীঠে পত্নীৰ এনে ‘ব্যৱহাৰ’ক একেবাৰে স্বাভাৱিক বুলি বর্ণনা কৰিছে৷ আদালতৰ ভাষাত ইয়াক ‘নিষ্ঠুৰতা’ বুলি গণ্য কৰা নহ’ব বুলিও স্পষ্টভাৱে উল্লেখ কৰিছে বিচাৰপীঠখনে৷ ৪ বছৰ পূর্বে এগৰাকী ব্যক্তিয়ে পত্নীৰ বিৰুদ্ধে পাৰিবাৰিক আদালতৰ দ্বাৰস্থ হৈছিল৷ শপতনামাত উল্লেখ কৰিছিল যে তেওঁ এটা ৰাজনৈতিক দলৰ সৈতে জড়িত৷ দলৰ বিভিন্ন কর্মসূচী তথা বৈঠক আদিৰ বাবে প্রতিদিনে তেওঁ পলমকৈ ঘৰলৈ উভতিবলগীয়া হৈছিল৷ ফলত পত্নীয়ে তেওঁক সন্দেহ কৰিবলৈ লয়৷ আনকি স্বামীৰ চৰিত্রক লৈও প্রশ্ণ কৰিবলৈ ধৰে পত্নীয়ে৷ গতিকে তেওঁ বিবাহ বিচ্ছেদ বিচাৰিছিল৷ পাৰিবাৰিক আদালতে বিচ্ছেদৰ অনুমতি দিলেও সেই নির্দেশক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় পত্নী৷ শেহতীয়াকৈ এই গোচৰৰ শুনানিত উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে যে পত্নীয়ে স্বামীৰ বিৰুদ্ধে অনা অভিযোগ সত্য নহ’ব পাৰে কিন্তু স্বামীয়ে দেখুওৱা অজুহাতো স্বাভাৱিক নহয়৷

You might also like