ক’ৰোনাক্রান্তৰ সংখ্যাই অতিক্রম কৰিলে ৫ কোটি
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত বিশ্বজুৰি আক্রান্ত লোকৰ সংখ্যাই অতিক্রম কৰিছে ৫ কোটি৷ জন হ’পকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে সমগ্র পৃথিৱীত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ৫০,৮৭৯,৮৯১গৰাকী লোক৷
অৱশ্যে ইয়াৰ গৰিষ্ঠসংখ্যকেই আৰোগ্য লাভ কৰিছে৷ ইফালে, বিশ্বজুৰি এই ক’ভিড–মহামাৰীত প্রাণ হেৰুৱাইছে ১২,৬৪,১৩০জনে৷ ইফালে, ফাইজাৰ কোম্পানীয়ে আজি দাবী কৰিছে যে ক’ভিড–১৯ মহামাৰীৰ ভেকচিনত তৃতীয় পর্যায়ৰ সফলতাৰ হাৰ ৯০ শতাংশ৷ অর্থাৎ এই কোম্পানীয়ে প্রস্তুত কৰা ক’ভিড ভেকচিন ব্যৱহাৰ কৰিব পৰা যাব৷ কোম্পানীটোৰ মুখ্য কার্যবাহী বিষয়া এলবার্ট বুৰলাই বিজ্ঞান আৰু মানৱতাৰ বাবে গুৰুত্বপূর্ণ দিন বুলি অভিহিত কৰিছে৷
স্মর্তব্য যে চলিত বর্ষৰ আৰম্ভণিৰ পৰা বিশ্বজুৰি বিয়পি পৰা ক’ৰোনা ভাইৰাছ মহামাৰীত আটাইতকৈ আক্রান্ত হৈছে আমেৰিকা৷ আমেৰিকাত এতিয়াও ক’ভিডসংহাৰ অব্যাহত আছে৷ দেশখনত ১ কোটি ৩ লাখ লোক এই মহামাৰীত আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ২ লাখ ৪৩ হাজাৰ ৭৯১গৰাকীয়ে৷ ইফালে, দেশখনত এতিয়াও প্রতিদিনে ৫০ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈ আছে৷ ভাৰতত ক’ভিড–১৯ত আক্রান্ত হৈছে ৮৫ লক্ষাধিক লোক৷ দেশখনত এতিয়াও প্রতিদিনে গড়ে ৪৫ হাজাৰ লোক ক’ভিড–মহামাৰীত সংক্রমিত হৈছে৷ ভাৰতত প্রাণ হেৰুৱাইছে ১,২৬,৭০১গৰাকী লোকে৷ ভাৰতৰ পাছতে তৃতীয় স্থানত থকা ব্রাজিলত ৫৬ লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈছে৷ দেশখনত মৃত্যুমুখত পৰিছে ১,৬২,৩৯৭গৰাকী লোক৷
লক্ষণীয়ভাৱে ক’ভিড মহামাৰীয়ে শেহতীয়াকৈ ইউৰোপত দ্বিতীয়টো জোৱাৰ আৰম্ভ কৰিছে৷ যাৰ বাবে ফ্রান্স, ব্রিটেইন আদি দেশত পুনৰ কঠোৰ লকডাউন জাৰি কৰিবলগীয়া হৈছে৷