পাকিস্তান-ৰ পৰা আমদানিকৃত সামগ্রী নিষিদ্ধ
🔹 পেহেলগাম নৰসংহাৰৰ উত্তেজনাৰ মাজতে কঠোৰ সিদ্ধান্ত ভাৰতৰ
নিউজ ডেস্ক, ৪ মে’ : পেহেলগামত সন্ত্রাসবাদীৰ নৰসংহাৰৰ পিছতে পাকিস্তান-ৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক স্থিতি গ্রহণ কৰিছে ভাৰতে৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ দ্বাৰা পর্যটকক নৰসংহাৰ চলোৱা ঘটনাত নতুন দিল্লীয়ে ইছলামাবাদৰ বিৰুদ্ধে গ্রহণ কৰা স্থিতি আৰু অধিক সম্প্রসাৰণ কৰে৷ সিন্ধু জল চুক্তি স্থগিতৰ পৰা পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যোৱাৰ নির্দেশ, পাকিস্তানী বিমানৰ উৰণ নিষিদ্ধ কৰাৰ পিছত পাকিস্তানৰ আমদানিকৃত সকলো সামগ্রী নিষিদ্ধ কৰাৰ সমান্তৰালকৈ ভাৰতৰ বন্দৰত পাকিস্তানী পতাকা থকা জাহাজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে৷ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে এক নির্দেশনাযোগে পাকিস্তানৰ পৰা প্রত্যক্ষ বা পৰোক্ষভাৱে আমদানিকৃত সকলো সামগ্রী ভাৰতে নিষিদ্ধ কৰিছে৷ তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ পাকিস্তানৰ আমদানিকৃত সামগ্রী নিষিদ্ধ কৰাৰ লগতে কালিয়েই কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে পাকিস্তানী পতাকা থকা সকলো জাহাজ ভাৰতীয় বন্দৰলৈ অহাটো নিষিদ্ধ কৰিছে৷ তেনেদৰে ভাৰতীয় পতাকা লৈও কোনো জাহাজ পাকিস্তানৰ বন্দৰলৈ যাব নোৱাৰিব৷ ঠিক তেনেদৰে পাকিস্তানৰ পৰা আকাশমার্গ আৰু স্থলভাগেৰে অহা সকলো পার্ছেল আৰু মেইল নিষিদ্ধ কৰা হৈছে৷ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে জাৰি কৰা নির্দেশনা অনুসৰি পাকিস্তানৰ পৰা আমদানি নিষিদ্ধ কৰা হৈছে৷ প্রত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানৰ পৰা আমদানিকৃত কিম্বা পাকিস্তানলৈ যাবলগীয়া সকলো সামগ্রীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৰাষ্ট্রীয় স্বার্থ আৰু ৰাজহুৱা নীতি অনুসৰি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ভাৰত চৰকাৰৰ সঠিক অনুমতি অবিহনে কোনো সামগ্রী পাকিস্তানৰ পৰা আমদানি কৰিব নোৱাৰিব৷ অকল সেয়াই নহয়, ভাৰতৰ পৰা পাকিস্তানলৈ যাবলগীয়া সামগ্রীৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ পেহেলগামক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বাবে নতুন দিল্লীয়ে এই কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে পাকিস্তানৰ পৰা ফল–মূল, তেলৰ বীজ, জৈৱ ৰাসায়নিক পদার্থ আদি আমদানি কৰা হয়৷ স্মর্তব্য যে যোৱা ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ ‘মিনি ছুইজাৰলেণ্ড’খ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে অতি বর্বৰতাৰে ২৬ পর্যটকক গুলীয়াই হত্যা কৰিছিল৷