নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানক স্বীকৃতি নিদিলে ভয়াৱহ হ’ব পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ  আফগানিস্তান দখল কৰা সন্ত্রাসবাদী সংগঠন তালিবানক পূর্ণ সমর্থন আগবঢ়োৱা পাকিস্তানে তালিবান চৰকাৰক বৈধতা প্রদানৰ পক্ষত সকলো চেষ্টা অব্যাহত ৰাখিছে৷ তালিবানৰ অন্তর্ৱর্তীকালীন আফগানিস্তান চৰকাৰত প্রত্যক্ষভাৱে জড়িত থকা পাক প্রধানমন্ত্রী ইমৰান খানে ৰাছিয়াৰ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত তালিবানক আমেৰিকাই শীঘ্রে স্বীকৃতি প্রদান কৰাৰ আহ্বান জনাইছে৷ পাক প্রধানমন্ত্রী খানে কয় যে যদি আমেৰিকা যুক্তৰাষ্ট্রই তালিবানৰ সৈতে আলোচনা কৰি সঠিক পদক্ষেপ গ্রহণ নকৰে কিম্বা তালিবানক স্বীকৃতি নিদিয়ে, তেতিয়া হ’লে আফগানিস্তানৰ লগতে অঞ্চলটোৰ পৰিস্থিতি ভয়াৱহ হৈ উঠিব৷ এই অঞ্চলটোৰ বাবে অতি গুৰুত্বপূর্ণ বিষয় হৈ উঠিছে আফগানিস্তান৷

কিয়নো আফগানিস্তানৰ লগতে সমগ্র অঞ্চলটোৰ পৰিস্থিতি সুস্থিৰ কৰি বর্তাই ৰাখিবলৈ হ’লে আমেৰিকা যুক্তৰাষ্ট্রই তালিবানৰ সৈতে ইতিবাচক দৃষ্টিভংগীৰে বার্তালাপ কৰিব লাগিব৷ মন কৰিবলগীয়া যে আফগান নাগৰিকে বাহিৰা শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ সাহস গোটাইছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে খানে৷

You might also like