নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ সপত্নীক ১৪ বছৰৰ জে’ল ইমৰানক

🔹 বিপদে খেদি ফুৰিছে পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী ইমৰানক

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : বিপদে খেদি ফুৰিছে পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী ইমৰান খানক। এইবাৰ সপত্নীক ১৪ বছৰৰ জে’ল ইমৰান খানক। উল্লেখ্য যে মঙলবাৰে দেশৰ গোপন তথ্য সৰবৰাহৰ অভিযোগত পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছিল বিশেষ আদালত এখনে৷ আদালতখনে ইমৰান আৰু তেওঁৰ দল পি টি আইৰ সহঃ সভাপতি শ্বাহ মেহমুদ কুৰেশ্বীক ১০ বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছিল৷ ইয়াৰ পিছত আজি আকৌ ইমৰান খানৰ বিপদ বাঢ়িল। পাকিস্তানৰ বিশেষ আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তোছাখানা গোচৰত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ কাৰাদণ্ডৰ ৰায দিছে। ইমৰানৰ পত্নী বুছৰা বিবিকো তোছাখানা গোচৰত ১৪ বছৰৰ কাৰাদণ্ড বিহে। তদুপৰি আদালতে নিৰ্দেশ দিয়ে যে ইমৰান বা তেওঁৰ পত্নী বুছৰা বিবি কোনোৱেই আগন্তুক ১০ বছৰলৈ কোনো ৰাজহুৱা পদবীত অধিষ্ঠিত হ’ব নোৱাৰে। ইয়াৰ উপৰি পাকিস্তানী মুদ্ৰাত প্ৰায় ৭৯ কোটি টকা জৰিমনা বিহা হৈছে ইমৰান খানক।

You might also like