নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুহূৰ্তৰ ভিতৰতে অন্ধকাৰে গ্রাস কৰিলে এখন দেশক

বিশেষ বাৰ্তা, ২১ জুন : দৈনন্দিন জৰুৰী কাম–কাজৰ মাজতে হঠাৎ অন্ধকাৰে গ্রাস কৰিলে সমগ্র ইকুৱেডৰক৷ মুহূর্তৰ ভিতৰতে লেটিন আমেৰিকান দেশখনত বন্ধ হৈ পৰিল বিদ্যুৎ সেৱা৷ একেলগে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল ১ কোটি ৭০ লাখতকৈ অধিক লোক৷ প্রায় এঘণ্টা ধৰি চলিল এই ‘ব্লেকআউট’৷ ইয়াৰ ফলত জৰুৰী সেৱাসমূহ ব্যাহত হৈ পৰে৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি পৰহি বিয়লি হঠাতে অন্ধকাৰত নিমজ্জিত হয় সমগ্র দেশখন৷ এটা মুহূর্তৰ ভিতৰতে সকলো সেৱা স্তব্ধ হৈ পৰে৷ কিছু সময় পিছতে চৰকাৰে ঘোষণা কৰে যে বিদ্যুৎ যোগান ব্যৱস্থাত সৃষ্টি হৈছে বিজুতি৷ আৱাস গৃহৰ পৰা আৰম্ভ কৰি চৰকাৰী–বেচৰকাৰী সকলো প্রতিষ্ঠানতে বিদ্যুৎ যোগান বন্ধ হৈ পৰে৷ আনকি এই সময়ছোৱাত হাস্পতালসমূহত সৃষ্টি হয় ভয়াৱহ পৰিস্থিতি৷ বন্ধ হৈ পৰে পাতাল ৰে’ল সেৱা৷ প্রায় এঘণ্টা পিছত পুনৰ বিদ্যুৎ যোগান সুচল হৈ পৰে যদিও চৰকাৰে বিদ্যুৎ পৰিবহণ লাইনৰ ক্ষেত্রত ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছিল বুলি ঘোষণা কৰে৷ লক্ষণীয়ভাৱে এই ঘটনাৰ বাবে তীব্র ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয় চৰকাৰ৷ বিদ্যুৎ মন্ত্রী ৰবার্টো লুকে মন্তব্য কৰে যে দেশখন শক্তি সংকটৰ সন্মুখীন হৈছে৷ বিশেষকৈ শক্তি খণ্ডত দেশখনৰ সমস্যা দীর্ঘদিনীয়া৷ প্রায় এঘণ্টা ধৰি বিদ্যুৎ যোগান বন্ধ হোৱা বিষয়টোৱে সেই কথাক পুনৰ প্রমাণিত কৰিলে বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

You might also like