জাপানত ৪২ শতাংশ মহিলাই জন্ম নিদিয়ে সন্তান
🔹 জনসংখ্যা হ্রাসক লৈ উদ্বিগ্ণ চৰকাৰ
বিশেষ বাৰ্তা, ১০ আগষ্ট : ভয়াৱহভাৱে শিশু জন্মৰ হাৰ হ্রাস পাইছে জাপানত৷ দেশখনৰ জনসংখ্যা বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে যদিও এইক্ষেত্রত সফল হ’ব পৰা নাই৷ এক সমীক্ষা অনুসৰি জাপানৰ ৪২ শতাংশ প্রাপ্তবয়স্ক মহিলাই কোনোদিনে সন্তান জন্ম নিদিয়াকৈ জীৱন অতিবাহিত কৰে৷ ‘নিকেই’ সংবাদ পত্রৰ প্রতিবেদন অনুসৰি, জাপানৰ মহিলাই সন্তান জন্ম দিবলৈ আগ্রহ প্রকাশ নকৰে৷ চৰকাৰী গৱেষণা গোট এটাৰ সমীক্ষা শীঘ্রে প্রকাশ পাব, য’ত উল্লেখ কৰা হৈছে যে সন্তানহীনভাৱে জীৱন অতিবাহিত কৰিবলৈ ভাল পায় বহু মহিলাই৷ ইফালে, দেশখনৰ ৫০ শতাংশ পুৰুষেও সন্তানহীনভাৱে জীৱন অতিবাহিত কৰিব বিচাৰে বুলি উল্লেখ কৰা হৈছে৷ এই বিষয়টোক লৈ উদ্বিগ্ণ জাপান চৰকাৰ৷