নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰত হঠাৎ শিন্দে চৰকাৰত এনচিপিৰ ৮ বিধায়কসহ “ভতিজা” অজিত পাৱাৰ

বিশেষ বাৰ্তা, ২ জুলাই : মহাৰাষ্ট্ৰত শিৱসেনাৰ পিছত এইবাৰ শাৰদ পাৱাৰৰ দল এন চি পিও বিভাজিত হয়। শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে ৮জন বিধায়কৰ সৈতে মহাৰাষ্ট্ৰত শিৱসেনা-বিজেপি মিত্ৰজোঁটৰ চৰকাৰত মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। দেওবাৰে মহাৰাষ্ট্ৰৰ ৰাজভৱনত এন চি পিৰ অন্যান্য নেতাৰ সৈতে অজিত পাৱাৰে শপত গ্ৰহণ কৰে। ছগন ভুজবল, দিলীপ পাটিল, অদিতি থাকৰে, ধনঞ্জয় মুণ্ডেৰ দৰে এন চি পিৰ নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটৰ এক সূত্ৰ মতে, একনাথ শিন্দেৰ মন্ত্ৰীসভাত অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। সেই ক্ষেত্ৰত মহাৰাষ্ট্ৰই দেৱেন্দ্ৰ ফাড়নৱিছৰ সৈতে দ্বিতীয়জন উপ-মুখ্যমন্ত্ৰী লাভ কৰিলে। এন চি পিৰ সূত্ৰ অনুসৰি অজিত পাৱাৰে পোনপটীয়াকৈ বিজেপিত যোগদান কৰা নাই। অৱশ্যে এনচিপিৰ প্ৰায় ৩০গৰাকী বিধায়কৰ সমৰ্থন তেওঁৰ প্ৰতি আছে! সম্প্ৰতি মহাৰাষ্ট্ৰ বিধানসভাত এন চি পিৰ ৫৩গৰাকী বিধায়ক আছে। অজিতৰ ঘনিষ্ঠ সূত্ৰৰ মতে, অজিতে বিধায়কৰ সংখ্যাৰ ফালৰ পৰা এন চি পিৰ ‘প্ৰকৃত’ স্বত্বাধিকাৰী বুলি প্ৰমাণ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। দেওবাৰে অজিত পাৱাৰে নিজ বাসগৃহত দলটোৰ এদল বিধায়কৰ সৈতে বৈঠকত মিলিত হয়। সেই বৈঠকতে অজিতে পৰৱৰ্তী কাৰ্য্যপন্থাৰ বিষয়ে আলোচনা কৰিছিল। অজিত পাৱাৰে স্পষ্টকৈ কয় যে দলটোৱে বিচৰা ভূমিকা পালন কৰি তেওঁ সুখী নহয়। অলপতে তেওঁ মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ কৰি এন চি পিৰ সাংগঠনিক দায়িত্ব লোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ভাবিছিল- তেওঁক হয়তো দলৰ মহাৰাষ্ট্ৰ শাখাৰ সভাপতি হিচাপে নিযুক্তি দিয়া হ’ব। কিন্তু শেহতীয়াকৈ দিল্লীত এন চি পিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকৰ পোষ্টাৰৰ পৰা অজিতৰ নাম আৰু ছবি আঁতৰাই দিয়া হয়। উল্লেখ্য যে কেইবাদিনো ধৰি অজিত আৰু এন চি পিৰ শীৰ্ষ নেতৃত্বৰ মাজত দূৰত্ব বাঢ়ি আহিছিল।

You might also like