আফ্রিকান ৰাষ্ট্র ছুডানত দুর্ভিক্ষৰ গ্রাসত পাঁচ লাখ লোক
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ গৃহযুদ্ধত বিধ্বস্ত আফ্রিকান ৰাষ্ট্র ছুডানত গৃহহীন লোকসকল ভয়াৱহ সংকটৰ সন্মুখীন হৈছে৷ দেশখনত ডাৰফুৰ চহৰৰ এল–ফাছেৰত থকা পাঁচ লক্ষাধিক লোকৰ এক আশ্রয় শিবিৰত এতিয়া ভয়াৱহ দুর্ভিক্ষই দেখা দিছে৷ এই শিবিৰটোত অনাহাৰে থাকিবলগীয়া হৈছে কেইবালাখো লোক৷ এই সন্দর্ভত খাদ্য নিৰাপত্তা বিশেষজ্ঞসকলে সতর্কবাণী কৰিছে৷ শীঘ্রে পর্যাপ্ত খাদ্য আৰু দৰব যোগান নধৰিলে শিবিৰটোত তিল তিলকৈ বহু লোকৰ মৃত্যু হ’ব৷ উল্লেখনীয় যে ১৬ মাহ ধৰি চলি থকা গৃহযুদ্ধৰ বাবে ছুডানত লাখ লাখ লোকে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে৷ বিভিন্ন অঞ্চলত এই লোকসকলক আশ্রয় দিয়া হৈছে যদিও আশ্রয় শিবিৰবোৰৰ পৰিস্থিতি অতি ভয়াৱহ৷ দুর্ভিক্ষ পর্যালোচনা কমিটী (এফআৰচি)ৰ তৰফৰ পৰা শিবিৰটোৰ পৰিস্থিতি অধ্যয়ন কৰি কোৱা হৈছে যে বহু শিশুৱে পুষ্টিহীনতাত ভুগিবলগীয়া হৈছে৷