নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত আটলাণ্টিক সাগৰত ২৯টা ধুমুহাৰ উৎপত্তিৰে নতুন অভিলেখ

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ গোলকীয় উষ্ণতা বৃদ্ধিয়ে সামুদ্রিক ধুমুহা অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে৷ চলিত বর্ষত আটলাণ্টিক মহাসাগৰত সৃষ্টি হোৱা ধুমুহাই পূর্বৰ অভিলেখ ভংগ কৰিছে৷ আমেৰিকাৰ নেচনেল হাৰিকেন চেণ্টাৰৰ তৰফৰ পৰা সদৰী কৰিছে এই তথ্য৷ স্মর্তব্য যে চলিত বর্ষত উত্তৰ–পূব আটলাণ্টিকত উৎপত্তি হৈছিল সামুদ্রিক ধুমুহা ‘থেটা’ৰ৷ এই থেটা হৈছে বর্ষটোত আটলাণ্টিকত ২৯সংখ্যক ধুমুহা৷ এটা বর্ষত ২৯টাকৈ সামুদ্রিক ধুমুহা আটলাণ্টিকত সৃষ্টি হোৱা ঘটনাই গোলকীয় উষ্ণতাৰ প্রতিকূল প্রভাৱকে প্রতিফলিত কৰিছে৷

ইয়াৰ পূর্বে ২০০৫ চনত আটলাণ্টিকত উৎপত্তি হৈছিল ২৮টা ধুমুহাৰ৷ লক্ষণীয়ভাৱে বতৰ বিজ্ঞানীসকলৰ মতে চলিত বর্ষত কেৰিবিয়ান সাগৰত পুনৰ এক ধুমুহাৰ উৎপত্তি ঘটিব পাৰে৷ এই ধুমুহাৰ নাম কি হ’ব এতিয়াও থিৰাং কৰা হোৱা নাই৷ কেৰিবিয়ান অঞ্চলৰ সৈতে সম্পর্কিত নাম হ’ব পাৰে নতুন সামুদ্রিক ধুমুহাৰ৷ বতৰ বিজ্ঞানীসকলৰ মতে সামুদ্রিক ধুমুহা সৃষ্টিৰ অন্তৰালত কেইবাটাও কাৰণ নিহিত হৈ আছে৷ বিধ্বংসী ধুমুহা সৃষ্টিৰ পূর্বে জনসাধাৰণক সতর্ক কৰিবলৈ ইয়াৰ নাম ৰখা হয়৷ ১ জুলাইৰ পৰা ৩০ নৱেম্বৰ পর্যন্ত আটলাণ্টিকৰ ধুমুহাৰ উৎপত্তি কাল বুলি ধৰা হয়৷

শেহতীয়াকৈ আটলাণ্টিক ধুমুহা ‘ইটা’ই লেটিন আমেৰিকাৰ কেইবাখনো ৰাষ্ট্রত তাণ্ডৱ সৃষ্টি কৰাৰ উপৰি আমেৰিকাৰ ফ্ল’ৰিডাতো বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷ এই ধুমুহাত ইতিমধ্যে প্রাণ হেৰুৱাইছে ৬০জনতকৈ অধিক লোকে৷ ইয়াৰ পূর্বে আটলাণ্টিক ধুমুহা ‘জেটা’ই অক্টোবৰৰ শেষত মার্কিন প্রদেশ লুইছিয়ানাত সৃষ্টি কৰিছিল তাণ্ডৱ৷

You might also like