আমেৰিকাত প্রতিটো কণীৰ দাম ৩৬ টকা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ আমেৰিকাত খাদ্য সামগ্রীৰ নাটনি নহয় বুলি বিভিন্ন সময়ত দাবী কৰি অহা হয়৷ দেশখনৰ নাগৰিকসকলে কেতিয়াও খাদ্য সংকটৰ মুখামুখি হ’বলগীয়া নহয় বুলি বিভিন্ন সংস্থাই দাবী কৰি আহিছে৷ ইয়াৰ মাজতে শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷ আমেৰিকাত কণীৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অবিশ্বাস্য হ’লেও এয়া সত্য যে বিভিন্ন দেশত ভাৰতীয় মুদ্রাৰ হিচাপত মাত্র ৬ৰ পৰা ৮ টকাৰ এটা কণীৰ মূল্য এতিয়া আমেৰিকাত ৩৬ টকা৷ পাকিস্তান আৰু বাংলাদেশত এনে ঘটনা সংঘটিত হ’লে সেয়া সকলোৰে বাবে বিশ্বাসযোগ্য হয়৷ কিন্তু আমেৰিকাৰ দৰে সমৃদ্ধিশালী আৰু খাদ্য সম্পদত চহকী দেশখনত ভোগ্যপণ্যৰ দামবৃদ্ধি ঘটা বুলি ক’লে সেয়া বিভিন্নজনৰ বাবে অবিশ্বাস্য হৈ পৰে৷ ৰকেটৰ গতিত দেশখনত কণীৰ মূল্য বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে ভয়াৱহ পক্ষীজ্বৰ বা বার্ড ফ্লু৷ বার্ড ফ্লুৰ বাবে ইতিমধ্যে দেশখনৰ বিভিন্ন প্রদেশত বহু পক্ষী নিধন কৰা হৈছে৷ ইয়াৰ ফলত চাহিদা অনুযায়ী কণীৰ যোগান হ্রাস পাইছে৷ লক্ষণীয় যে এই একেটা কাৰণতেই কণীৰ মূল্য প্রতিদিনে বৃদ্ধি পাইছে আমেৰিকাত৷ ইয়াৰ উপৰি কণীৰ চোৰাং সৰবৰাহ আৰম্ভ হৈছে দেশখনত৷ শেহতীয়াকৈ আমেৰিকাত প্রতি ডজন কণীৰ মূল্য ৪.৯৫ ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৪২৯ টকা৷ এই হিচাপত চাবলৈ গ’লে প্রতিটো কণীৰ মূল্য ৩৬ টকা৷ এনে পৰিস্থিতিত আমেৰিকাই তুৰস্কৰ পৰা কণী সৰবৰাহ কৰিবলৈ লৈছে৷ অর্থাৎ তুৰস্কৰ পৰা শেহতীয়াকৈ দেশখনে আমদানি কৰিছে কণী৷