নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য : হাত নোহোৱাকৈ ক্রিকেট খেলি আছে আমিৰে

বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : আঠ বছৰ বয়সত পিতৃৰ কাৰখানাত কাম কৰি থকা সময়তে আমিৰ হুছেইন ল’নে হেৰুৱাইছিল দুয়োখন হাত৷ তাৰ পিছতো তেওঁ নিজৰ সপোনৰ পৰা আঁতৰি অহা নাছিল৷ তেওঁৰ সপোন আছিল ক্রিকেটাৰ হোৱাৰ৷ সেই সপোন পূৰণ কৰিলে৷ তেওঁ জম্মু–কাশ্মীৰ ৰাজ্যিক পেৰা ক্রিকেট দলৰ অধিনায়ক৷ ৱাঘানা গাঁৱৰ বাসিন্দা আমিৰে ইমান ডাঙৰ দুর্ঘটনাৰ পিছতো আশা হেৰুওৱা নাছিল৷ এক সাক্ষাৎকাৰত তেওঁ কয় যে দুর্ঘটনাৰ পিছতো মই আশা এৰি দিয়া নাছিলোঁ৷ বহুত কষ্ট কৰিলোঁ৷ মই কাৰো ওপৰত নির্ভৰ কৰা নাছিলোঁ৷ মই মোৰ যোগ্যতাৰ ওপৰত সকলো অর্জন কৰিছোঁ৷ দুর্ঘটনাটোৰ পিছত পৰিয়ালৰ বাহিৰে মোৰ কাষত কোনো নাছিল৷ আনকি চৰকাৰো সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল৷ আমিৰে ক্রিকেটাৰ হোৱাৰ সপোন নষ্ট হ’বলৈ নিদিলে৷ তেওঁৰ দুখন হাত নথকাৰ বাবে তেওঁ বিকল্প উপায় বিচাৰিছিল আৰু সফল হৈছিল৷ ২০১৩ চনৰ পৰা পেৰা ক্রিকেট খেলি আহিছে আমিৰে৷ এতিয়া তেওঁ জম্মু–কাশ্মীৰৰ অধিনায়ক৷ নিজৰ কেৰিয়াৰ সন্দর্ভত আমিৰে কয় যে ২০১৩ চনত দিল্লীত অনুষ্ঠিত ৰাষ্ট্রীয় প্রতিযোগিতাৰ উপৰি ২০১৮ চনত বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্রীয় মেচ এখনো খেলিছিলোঁ৷ ইয়াৰ পিছত নেপাল, শ্বাৰজাহ, ডুবাইত খেলিলোঁ৷ মই বেটিং কৰাৰ কৌশল দেখি সকলোৱে আচৰিত হৈ পৰিল৷ ডিঙিৰ মাজত বেট লৈ বেটিং কৰিব পাৰিব বুলি কোনেও ভবা নাছিল৷ কিন্তু মই সেয়া কৰি দেখুৱালোঁ৷ আমিৰে নিজৰ প্রতিভাৰ বাবে শচীন তেণ্ডুলকাৰৰ পৰা আশিস নেহৰালৈকে প্রশংসা লাভ কৰিছে৷ নেহৰাই ২০১৬ চনৰ টি–২০ বিশ্বকাপৰ ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ ছেমিফাইনেল চাবলৈ আমিৰক আমন্ত্রণ জনাহছিল৷ বলীডডৰ তাৰকা বিকি কৌশলক আমিৰে এক অনুষ্ঠানত লগ পাইছিল৷ ক্রিকেটাৰগৰাকীৰ প্রতিভা দেখি তেওঁ আচৰিত হৈ পৰিছিল৷

You might also like