নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থ টেষ্টৰ পূর্বে আঘাতত জুৰুলা টীম ইণ্ডিয়া

🔹 কোন তিনিজন আঘাতপ্রাপ্ত বেটাৰক লৈ চিন্তিত মেনেজমেণ্ট ?

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : পার্থ টেষ্ট আৰম্ভ হোৱাৰ পূর্বেই আঘাতত জুৰুলা হৈ পৰিছে টীম ইণ্ডিয়া৷ অনুশীলন কৰাৰ সময়তে ইজনৰ পিছত সিজন বেটাৰ আঘাতপ্রাপ্ত হৈছে৷ বৃহস্পতিবাৰে ছৰফৰাজ খান আঘাতপ্রাপ্ত হোৱাৰ পিছত কালি আঘাতপ্রাপ্ত হয় দলটোৰ আন এগৰাকী তাৰকা বেটাৰ লোকেশ ৰাহুল৷ মন কৰিবলগীয়া যে যদি ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ প্রথমখন টেষ্টত অধিনায়ক ৰোহিত শর্মাই অংশ লোৱাৰ পৰা বিৰত থাকে তেন্তে ৰাহুলে প্রথম টেষ্টৰ মূল একাদশত স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ কিন্তু পার্থ টেষ্টলৈ মাত্র এসপ্তাহ থকা অৱস্থাত ৰাহুলৰ আঘাতে চিন্তিত কৰি তুলিছে ভাৰতীয় দলটোক৷ শুকুৰবাৰে টীম ইণ্ডিয়াই নিজৰ ভিতৰতে অনুশীলন মেচত ভাগ লয়৷ ৰাহুলে বেটিং কৰি থকাৰ সময়ত হঠাৎ এটা শ্বর্ট বল বাউন্স আপ কৰি ৰাহুলৰ সোঁ কঁকালত খুন্দা মাৰে৷ পিছত তেওঁক খেলপথাৰতে চিকিৎসা কৰা হৈছিল৷ পৰৱর্তী সময়ত ৰাহুলে বেটিং কৰিবলৈ চেষ্টা কৰে যদিও খেলপথাৰ এৰি যাবলৈ বাধ্য হয়৷ অৱশ্যে ৰাহুলৰ আঘাতক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি সদৰী কৰিছে দলীয় মেনেজমেণ্টে৷ মন কৰিবলগীয়া যে ২২ নৱেম্বৰৰ পৰা পার্থত অনুষ্ঠিত হ’ব বর্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ প্রথমখন টেষ্ট৷ অপ্টাছ ষ্টেডিয়ামৰ গতি আৰু বাউন্সৰ লগত খাপ খুৱাবলৈ ভাৰতে ৱাকাক প্রশিক্ষণ ক্ষেত্র হিচাপে বাছি লৈছিল৷ কাৰণ সেই খেলপথাৰখনৰ গতি আৰু বাউন্স অপ্টাছ ষ্টেডিয়ামৰ সৈতে বহুত মিল আছে৷ লগতে স্থানীয় পার্থ ক্লাবৰ গতিশীল যুৱ পেচাৰসকলক নেট বলাৰ হিচাপে অনা হৈছে৷ ভাৰতৰ মিডল অর্ডাৰ বেটছমেন ছৰফৰাজ খানে বৃহস্পতিবাৰে তাত নেটত বেটিং কৰি থকা অৱস্থাত কঁকালত আঘাত পায়৷ সোঁ কঁকালত আঘাত পোৱা বাবে তেওঁ নেটত বেটিং কৰা নাছিল৷ আনহাতে, সংবাদ মাধ্যমে দাবী কৰিছে যে বৃহস্পতিবাৰে বিৰাট কোহলিও আঘাতপ্রাপ্ত হৈছিল৷ অৱশ্যে তেওঁৰ আঘাতৰ সবিশেষ জানিব পৰা হোৱা নাই৷ একেৰাহে দুদিন ধৰি তিনিজন ক্রিকেটাৰৰ আঘাতত কার্যতঃ জুৰুলা হৈ পৰিছে টীম ইণ্ডিয়া৷ কাৰণ ৰাহুল আৰু ছৰফৰাজ দুয়োজনেই প্রথম টেষ্টৰ মূল একাদশত থকাটো কার্যতঃ নিশ্চিত আছিল৷ যদি ৰোহিতে খেলিব নোৱাৰে তেন্তে ৰাহুলে অ’পেন কৰিব আৰু ছৰফৰাজে মিডল অর্ডাৰত খেলিব, সেয়া আছিল দল পৰিচালনাৰ পৰিকল্পনা৷ পার্থ টেষ্টত যদি দুয়োজনে খেলিব নোৱাৰে তেন্তে টেষ্টত অভিষেক ঘটাৰ সম্ভাৱনা আছে বংগৰ অভিমন্যু ঈশ্বৰনৰ লগতে ধ্রুৱ জুৰেলৰ৷

You might also like