নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপত ইংলেণ্ডক হৰুৱাই ফাইনেলত টীম ইণ্ডিয়া

🔹 ৰোহিতৰ ৫৭, সূর্যকুমাৰৰ ৪৭ : অক্ষৰ–কুলদীপৰ তিনিটাকৈ উইকেট

বিশেষ বাৰ্তা, ২৮ জুন : টীম ইণ্ডিয়াই ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি চলিত টি–২০ বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ গায়েনাত অনুষ্ঠিত বর্ষাবিঘ্ণিত দ্বিতীয়খন ছেমিফাইনেলত ৬৮ ৰানত ইংলেণ্ডক পৰাস্ত কৰে৷ মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৭২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইংৰাজ বাহিনীয়ে ১৬.৪ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৩ ৰানহে কৰে৷ ইংলেণ্ডৰ হৈ সর্বাধিক ২৫ ৰান কৰে হেৰী ব্রুকে৷ জ’ছ বাটলাৰে ২৩, জোফ্রা আর্চাৰে ২১, বাকী বেটাৰসকল ব্যর্থ হয়৷ টীম ইণ্ডিয়াৰ হৈ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে ৩টাকৈ উইকেট লাভ কৰাৰ উপৰি যশপ্রীত বুমৰাহে ২টা উইকেট লয়৷ ইয়াৰ পূর্বে ইংৰাজ বাহিনীৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক ৰোহিত শর্মাৰ ৫৭ আৰু সূর্যকুমাৰ যাদৱৰ ৪৭ ৰানৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭১ ৰান কৰে৷ ৰোহিত আৰু সূর্যকুমাৰৰ বাহিৰে বাকীসকল বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিৱ নোৱাৰিলে৷ হার্দিক পাণ্ডিয়াই ১৩টা বলত ২৩ ৰানৰ অৱদান আগবঢ়ায়৷ অধিনায়ক ৰোহিতৰ ৩৯টা বলৰ ইনিংছটোত আছিল ৬টা চাৰি আৰু দুটা ছয়৷ আনহাতে, সূর্যকুমাৰৰ ৩৬টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু দুটা ছয়৷ তাৰকা বেটাৰ বিৰাট কোহলিৰ ব্যর্থতা অব্যাহত আছে৷ ৯টা বলত ৯ ৰান কৰি পেভিলিয়নমুখী হয় কোহলি৷ ইফালে ঋষভ পণ্টেও মাত্র চাৰি ৰান কৰি বিফল হয়৷ ৰবীন্দ্র জাদেজাই অপৰাজিত ১৭, অক্ষৰ পেটেলে ১০ ৰান কৰে যদিও শিৱম ডুবেই কোনো ৰান নকৰাকৈ বিদায় লয়৷ দলীয় স্ক’ৰ ৪০ ৰানতে কোহলি আৰু পণ্টক হেৰুৱাই টীম ইণ্ডিয়া বিপদত পৰিছিল যদিও ৰোহিত আৰু সূর্যকুমাৰে তৃতীয় উইকেটত ৭৩ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ কিন্তু ৰোহিত শর্মা আউট হোৱাৰ পিছতে দলটো পুনৰ বিপদত পৰে৷ ইফালে, ইংলেণ্ডৰ হৈ ক্রিছ জর্ডানে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে ৰিছে টফলে, জোফ্রা আর্চাৰ, শ্যাম কৰণ আৰু আদিল ৰছিদে এটাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে বৰষুণৰ বাবে মেচখন ১.১৫ মিনিট পলমকৈ আৰম্ভ হয় যদিও টীম ইণ্ডিয়াৰ ইনিংছৰ অষ্টম অভাৰ সমাপ্তিৰ পিছত বৰষুণে মেচখনত পুনৰ বিঘিনি ঘটায়৷ মন কৰিবলগীয়া যে শনিবাৰে হ’বলগীয়া ফাইনেলত ভাৰতে দক্ষিণ আফ্রিকাৰ মুখামুখি হ’ব৷ দক্ষিণ আফ্রিকাই আনখন ছেমিত আফগানিস্তানক ৯ উইকেটত পৰাস্ত কৰে৷

You might also like