নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছচি’ৰ বৈঠক বর্জন কৰিলে ভাৰতে

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ ৰাছিয়াই অধ্যক্ষতা কৰা শেহতীয়া ছাংহাই সহযোগিতা সংস্থা (এছচি’)ৰ সদস্য দেশসমূহৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক ভাৰতে আধাতে বর্জন কৰিছে৷ আজি এই ঘটনা সংঘটিত হোৱাৰ মূলতেই হৈছে পাকিস্তান৷ পাকিস্তানে শেহতীয়াকৈ ভাৰতীয় ভূ–খণ্ড সামৰি এক কল্পনাপ্রসূত মানচিত্র এছ চি অ’ত বাৰে বাৰে দাখিল কৰা বিষয়টোত তীব্র ক্ষোভ উজাৰে ভাৰতে৷ আজি বিদেশ মন্ত্রালয়ৰ মুখপাত্র অনুৰাগ শ্রীবাস্তৱে এই কথা সদৰী কৰি কয় যে ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এছ চি অ’ৰ বৈঠকত পাকিস্তানৰ এনে কার্যৰ তীব্র বিৰোধ কৰে৷

You might also like