নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক পৰাস্ত কৰি মহিলা আয়োগৰ সদস্য পদত নির্বাচিত ভাৰত

ৰাষ্ট্রসংঘত আন এক মধুৰ বিজয়

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  প্রতিদ্বন্দ্বী ৰাষ্ট্র চীনক পৰাভূত কৰি বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ মহিলা আয়োগৰ সদস্য পদত নির্বাচিত হৈছে ভাৰত৷ লিংগ সমতা আৰু মহিলা সবলীকৰণৰ হকে কাম কৰি অহা ৰাষ্ট্রসংঘৰ আর্থিক আৰু সামাজিক আয়োগৰ এক কার্যকৰী আয়োগ ৰাষ্ট্রসংঘ কমিছন অন দ্য ষ্টেটাছ অৱ অ’মেন (চি এছ ডব্লিউ)ৰ সদস্য হিচাপে চীনক পৰাজিত কৰি ভাৰত এক মধুৰ জয়ৰ সাক্ষী হয়৷ ৰাষ্ট্রসংঘৰ আর্থিক আৰু সামাজিক আয়োগ (ই চি অ’ এছ অ’ চি)ৰ প্রথম পূর্ণাংগ বৈঠকত এছিয়া প্রশান্ত মহাসাগৰীয় দেশসমূহৰ মাজৰ পৰা দুটা সদস্য পদক লৈ হোৱা নির্বাচনত আফগানিস্তান, ভাৰত আৰু চীনে প্রতিদ্বন্দ্বিতা কৰে৷ ৫৪ সদস্যৰ এই নির্বাচনত ৩৯ ভোট আফগানিস্তানে লাভ কৰাৰ বিপৰীতে ভাৰতে ৩৮টা ভোট লাভ কৰে৷ আনপিনে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য চীনে মাত্র ২৭টা ভোট লাভ কৰে৷ দেশখনে প্রয়োজনীয় সংখ্যাগৰিষ্ঠ ভোট ২৮টাও লাভ কৰিবলৈ সক্ষম নহ’ল৷ উল্লেখ্য যে ১৯৯৫ চনত চীনৰ বেইজিঙত আৰম্ভ হোৱা ৰাষ্ট্রসংঘৰ এই আয়োগৰ ২৫সংখ্যক বার্ষিকী উপলক্ষে অনুষ্ঠিত নির্বাচনত চীন ভাৰতৰ হাতত পৰাজিত হয়৷ লাডাখ সীমান্তত দুই দেশৰ মাজত সংঘাত চলি থকাৰ সময়তে ৰাষ্ট্রসংঘৰ মহিলা আয়োগত চীনক পৰাভূত কৰি ভাৰত নির্বাচিত হোৱাটো তাৎপর্যপূর্ণ৷

You might also like