নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজেপিক শুভেচ্ছা দিও সুখী নহয় কৃষক মুক্তি

এক দল এক পতাকাৰ সম্ভাৱনা নিঃশেষ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰিলেও আনন্দিত নহয় কৃষক মুক্তি সংগ্রাম সমিতি৷ এখন পতাকা এটা প্রতীকেৰে এটা ঐক্যবদ্ধ দল গঠনৰ সম্ভাৱনা শেষ হোৱাৰ পিছতে সংগঠনটোৱে মুকলিকৈ নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে সোমবাৰে সদৌ অসম ছাত্র সন্থাৰ দলৰ নাম ঘোষণা, দলৰ পূর্ণাংগ আহ্বায়ক সমিতি গঠনৰ লগে লগে এক দল, এখন পতাকা আৰু এটা প্রতীকৰ সম্ভাৱনা প্রায় নাইকিয়া হৈ গ’ল৷ সন্মানসহকাৰে অসমৰ সকলো সংগঠন একেলগ হৈ এটা দল গঠনৰ পথ অৱৰুদ্ধ হৈ গ’ল৷ আমাৰ প্রবল বিশ্বাস– অসমৰ আটাইবোৰ জাতীয় সংগঠন, অসমৰ আটাইবোৰ জনগোষ্ঠীয় সংগঠন, জনজাতীয় সংগঠন আৰু সৰু সৰু আঞ্চলিক দলবোৰ ঐক্যবদ্ধ হৈ ২০২১ চনৰ নির্বাচনী যুঁজত অৱতীর্ণ হোৱা হ’লে, বিজেপি, কংগ্রেছ–এআইইউডিএফ উফৰি গ’লহেঁতেন৷ আমি কৈছিলোঁ, কংগ্রেছ–এআইইউডিএফক্ বাদ দি অসমৰ সকলো ‘কা’বিৰোধী শক্তিক এখন পতাকাৰ তললৈ অহাৰ কথা৷ বহুতে মতাদর্শৰ প্রসংগ উত্থাপন কৰিছে যদিও সেই প্রশ্ণৰ কোনো প্রাসংগিকতা নাই৷ কাৰণ আঞ্চলিক দলৰ মতাদর্শ সদায় জাতীয়তাবাদী আৰু দলৰ সংবিধান আৰু কর্মসূচীত সেই কথাবোৰ লিপিবদ্ধ হৈ থাকে৷ যিহেতু দলৰ সংবিধান আৰু কর্মসূচীত লিপিবদ্ধ হৈ থাকে গতিকে সেই সংবিধান আৰু কর্মসূচী গ্রহণ কৰাসকলৰ মতাদর্শ আৰু কর্মপন্থাক লৈ বিৰোধৰ প্রশ্ণটো মুঠেই গ্রহণযোগ্য নহয়৷ আমি বিজেপি চৰকাৰ ওফৰাই পেলাবলৈ আৰু কংগ্রেছ–এআইইউডিএফক্ অসমত প্রতিৰোধ কৰিবলৈ এই আহ্বান জনাইছিলোঁ৷ আমাৰ প্রবল বিশ্বাস– জাতীয়–জনগোষ্ঠী দল–সংগঠনবোৰ ঐক্যবদ্ধ হোৱা হ’লে অসমত বিজেপি–কংগ্রেছবিৰোধ্ প্রবল গণঢ়ৌৰ সৃষ্টি হ’লহেঁতেন আৰু আঞ্চলিক দলৰ চৰকাৰ গঠন হ’লহেঁতেন৷ আঞ্চলিক ৰাজনৈতিক দলৰ চৰকাৰ হ’লে আমি অসমত নাগৰিকত্ব সংশোধনী আইন–২০১৯ ধাৰা ‘ক’ৰ প্রয়োগত বাধা দিব পাৰিলোঁহেঁতেন৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতাগৰাকীয়ে লগতে কয় যে আন সকলো ৰাজনৈতিক সিদ্ধান্তই আছু, এজেৱাইচিপিয়ে লৈছে, কেৱল ঐক্যবদ্ধ সংগ্রামৰ কথা ক’লে সিদ্ধান্ত ল’ব নোৱাৰোঁ বুলি কয়৷ দল গঠন হোৱাৰ পিছতহে সিদ্ধান্ত ল’ম বুলি কৈছে৷ প্রস্তাৱিত দলেহে সেই সিদ্ধান্ত ল’ব পাৰিব বুলি কৈছে৷ এনে চিন্তাৰে ৰাইজক আভুৱা–ভাঁৰিব পৰা যায়৷ কিন্তু আগ্রাসী ৰাষ্ট্রীয়তাবাদ আৰু সাম্প্রদায়িক ফেচিবাদৰ পৰা অসমক ৰক্ষা কৰিব নোৱাৰিব৷ যি সাহসেৰে অৰাজনৈতিক আছু আৰু এজেৱাইচিপিয়ে ৰাজনৈতিক দল গঠন কৰিলে সেই একেই সাহসেৰে ঐক্যবদ্ধ দলৰ কাৰণেও থিয় হ’ব লাগে নহ’লে আমি ঐতিহাসিক সুযোগ হেৰুৱাম৷ ভাগ ভাগ হৈ আমি বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ৷ আছু–এজেৱাইচিপিয়েও অকলে নোৱাৰে, কৃেষক মুক্তি সংগ্রাম সমিতিয়েও অকলে নোৱাৰে৷ শেষত কৃষক মুক্তি সংগ্রাম সমিতিয়ে আশা প্রকাশ কৰে যে আছু, এজেৱাইচিপি আৰু আহ্বায়ক সমিতিখনে অসমীয়া জাতিৰ জাতীয় সংকটৰ প্রশ্ণটোক পুনৰ অৱলোকন কৰিব৷ ঐক্যবদ্ধ আঞ্চলিক দলৰ প্রসংগ পুনৰ বিবেচনা কৰিব৷ কৃষক মুক্তি আৰু অসমৰ জাতীয়–জনগোষ্ঠীয়–জ্ সংগঠনৰ লগত আনুষ্ঠানিক আলোচনাৰ বাবে নিয়ন্ত্রণ কৰিব৷ কৃষক মুক্তি সংগ্রাম সমিতিয়ে ২০ ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিব৷ ২০ ছেপ্টেম্বৰৰ ভিতৰত কোনো আনুষ্ঠানিক সঁহাৰি নাপালে নিজৰ প্রস্তাৱিত ৰাজনৈতিক দলৰ প্রস্তুতিৰ কাম আৰম্ভ কৰিব৷

You might also like