ভাৰতৰ ৪০ বছৰীয়া বিশ্ব অভিলেখ ভংগ আমেৰিকাৰ
নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ভাৰতৰ ৪০ বছৰীয়া পুৰণি বিশ্ব অভিলেখ ভংগ কৰিলে আমেৰিকাই৷ পুৰুষৰ এদিনীয়া ক্রিকেটত সর্বনিম্ন স্ক’ৰ ডিফেণ্ড কৰি নতুন বিশ্ব অভিলেখ গঢ়িলে মহাশক্তিধৰ আমেৰিকাই ক্রিকেট দলটোৱে৷ ক্রিকেট বিশ্বকাপ লীগ ২ৰ খেলত ওমানৰ বিৰুদ্ধে ঐতিহাসিক প্রদর্শন দেখুৱালে আমেৰিকাই৷ ওমানৰ বিৰুদ্ধে এদিনীয়া খেলত সর্বনিম্ন স্ক’ৰ ডিফেণ্ড কৰে আমেৰিকাই৷ ওমানৰ আল আমিৰাটত খেলা মেচখনত আমেৰিকাই ওমানৰ বিপক্ষে ১২২ ৰান সংগ্রহ কৰিছিল৷ তাৰ পিছতো আমেৰিকাই প্রতিপক্ষ দলক ৫৭ ৰানত পৰাস্ত কৰে৷ যাৰ ফলত এদিনীয়া ক্রিকেটত সফলতাৰে ডিফেণ্ড কৰা আটাহতকৈ সর্বনিম্ন স্ক’ৰ হৈ পৰে৷ ইয়াৰ পূর্বে এই অভিলেখ আছিল ভাৰতৰ নামত৷ ভাৰতে ১৯৮৫ চনত শ্বাৰজাহত পাকিস্তানৰ বিৰুদ্ধে এই অভিলেখ ৰচিছিল৷ ভাৰতীয় দলে ৰথমানছ ফ’ৰ–নেচনছ কাপত পাকিস্তানৰ বিৰুদ্ধে ১২৫ ৰান সংগ্রহ কৰি ৩৮ ৰানৰ ব্যৱধানত খেলখনত জয়ী হৈছিল৷ ইয়াৰ বাহিৰেও এই খেলখনত ৪৬৭১খন মেচৰ পিছত প্রথম এদিনীয়া আছিল, য’ত ফাষ্ট বলাৰে এটাও বল কৰা নাছিল৷ এই মেচখনত স্পিনাৰসকলে এদিনীয়াত লোৱা আটাহতকৈ বেছি উইকেটৰ (১৯) অভিলেখৰ সমান আছিল৷ ২০১১ চনত বাংলাদেশ–পাকিস্তান এদিনীয়াত এই অভিলেখ হৈছিল৷ মেচখনত আমেৰিকাৰ স্পিনাৰ নষ্টুচ কেনজিগে ১১ ৰান দি ৫টা উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা লয়৷ কেনজিগৰ বিধ্বংসী বলিঙত ওমানে মাত্র ৬৫ ৰানতে ইনিংছ সামৰে৷ আমেৰিকাৰ হৈ মিলিন্দ কুমাৰ আৰু ইয়াছিৰ মহম্মদে দুটাকৈ উইকেট লয়৷ আমেৰিকাই ৩৫.৩ অভাৰত ১২২ ৰানত ইনিংছ সামৰে৷ ওমানৰ ছাকিল আহমেদে সর্বাধিক ৩টা উইকেট দখল কৰে৷ উল্লেখ্য যে আমেৰিকা আৰু ওমানে ৬১ অভাৰত মাত্র ১৮৭ ৰান কৰে৷ এদিনীয়া ক্রিকেটত এয়া দ্বিতীয় সর্বনিম্ন স্ক’ৰ৷ ২০১৪ চনত ভাৰত আৰু বাংলাদেশৰ মাজত ৪১ অভাৰত সংগ্রহ হোৱা ১৬৩ ৰানখিনিয়ে আছিল সর্বনিম্ন ৰান৷