নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰালিম্পিকত সর্বকালৰ অভিলেখ ভংগ ভাৰতৰ

🔹 টকিঅ’ত লাভ কৰা ১৯টা পদকৰ সংখ্যা পেৰিছত অতিক্রম

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : পেৰিছত ভংগ কৰিলে পেৰালিম্পিকত লাভ কৰাৰ সর্বকালৰ সর্বাধিক পদকৰ অভিলেখ৷ চলিত পেৰিছ পেৰালিম্পিকৰ প্রথম ছয় দিনত ভাৰতে ২০টাকৈ পদক অর্জন কৰি টকিঅ’ পেৰালিম্পিকত লাভ কৰা ১৯টা পদকৰ অভিলেখ ভংগ কৰে৷ মঙলবাৰে পাঁচটাকৈ পদক অর্জন কৰি পেৰালিম্পিকত লাভ কৰা সর্বকালৰ সর্বাধিক পদকৰ অভিলেখটো ভংগ কৰে৷ জেভলিন থ্র’ আৰু হাই জাম্পত পদক লাভ কৰাত ভাৰতৰ পদকৰ সংখ্যা ২০টালৈ বৃদ্ধি পায়৷ ইয়াৰ লগে লগে বিগত টকিঅ’ পেৰালিম্পিকত লাভ কৰা ১৯টা পদকৰ অভিলেখটো ভংগ কৰে৷ ভাৰতে ১৯৬০ চনৰ পৰা পেৰালিম্পিকত অংশগ্রহণ কৰি আহিছে যদিও ২০টাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ চলিত পেৰিছ পেৰালিম্পিকৰ প্রথম ৬ দিনত ভাৰতে মুঠ ২০টা পদক লাভ কৰে৷ যি এক নতুন ইতিহাস৷ ইয়াৰ পূর্বে ভাৰতে কোনো এখন পেৰালিম্পিকত ইমানসংখ্যক পদক অর্জন কৰিব পৰা নাছিল৷ পেৰিছ পেৰালিম্পিক সমাপ্ত হ’বলৈ আৰু ৪টা দিন বাকী থকা অৱস্থাত ভাৰতে ষষ্ঠ দিনলৈকে ৩টা স্বর্ণ, ৭টা ৰূপ আৰু ১০টা ব্রঞ্জৰ পদক লাভ কৰিছে৷ সোমবাৰৰ দিনটোত ভাৰতে মুঠ ৮টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ প্রতিযোগিতাখনৰ সপ্তম দিনলৈকে ভাৰতে পদকৰ সংখ্যা ২১লৈ বৃদ্ধি কৰে৷ কালিৰ দিনটোত ভাৰতৰ হৈ একমাত্র পদকটো অর্জন কৰে শচীন ছার্জেৰাও খিলাৰীয়ে৷ পুৰুষৰ শ্বটপুট এফ ৪৬ ইভেণ্টত শচীনে ১৬.৩২ মিটাৰ থ্র’ কৰি ৰূপৰ পদক জয় কৰে৷ উল্লেখ্য যে ভাৰতৰ তাৰকা খেলুৱৈ অৱণী লেখাৰাই মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ–১ত স্বর্ণ পদক লাভ কৰাৰ লগতে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ এছ এল–৩ত নীতেশ কুমাৰে স্বর্ণ আৰু পুৰুষৰ জেভলিন থ্র’ৰ এফ–৬৪ত সুমিত এণ্টিলে সোণৰ পদক লাভ কৰে৷ ইফালে, মনীষ নাৰৱাল, নিশাদ কুমাৰ, যোগেশ কাথুনিয়া, থুলাচিমাথি মুৰুগেছন, সুহাস যথিৰাজ, শৰদ কুমাৰ, শচীন চার্জেৰাও খিলাৰী আৰু অজিৎ সিঙে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে প্রীতি পাল (দুটা), মোনা আগৰৱাল, ৰুবীনা ফ্রান্সিছ, মনীষাৰাম দাস, ৰাকেশ কুমাৰ–শীতল দেৱী, নিত্যশ্রী শিৱান, মাৰিয়াপ্পান, থাংগেভেলু, দীপ্তি জীৱনজী আৰু সুন্দৰ সিং গুর্জাৰে ব্রঞ্জৰ পদক লাভ কৰে৷

You might also like