৪৫ বছৰৰ মূৰত চীন সীমান্তত নিহত হ’ল ভাৰতীয় জোৱান
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ সুদীৰ্ঘ ৪৫ বছৰৰ মূৰত ভাৰত-চীন সীমান্তত নিহত হ’ল কোনো ভাৰতীয় সেনা।
১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ পিছত ১৯৭৫ চনত অৰুণাচলৰ টুলুং লাত চীনা সেনাৰ গুলীত ৪জন ভাৰতীয় সেনা নিহত হৈছিল।
তেতিয়াৰ পৰা ভাৰত-চীনৰ মাজত সংঘাত হৈছিল যদিও কোনো সেনাই প্ৰাণাহুতি দিব লগা পৰিস্থিতি সৃষ্টি হোৱা নাছিল।
কিন্তু ৪৫ বছৰৰ মূৰত কালি নিশা পূব লাডাখ ছেক্টৰৰ গালৱান ঘাটিত দুয়ো দেশৰ সেনাৰ হতাহতি পৰ্যায়ৰ ঘটনাত নিহত হ’ব লগা হ’ল বিষয়া পৰ্যায়ৰ সেনাসহ দুই ভাৰতীয় জোৱান।