নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰ ইছ্যুত ৰাষ্ট্রসংঘত ইছলামাবাদক কটাক্ষ ভাৰতৰ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রসংঘৰ মজিয়াত একাধিকবাৰ কাশ্মীৰ ইছ্যুত ভাৰতক সমালোচনা কৰি আহিছে পাকিস্তানে৷ কিন্তু ভাৰতে এইক্ষেত্রত যোগ্য প্রত্যুত্তৰ দি আহিছে৷ শেহতীয়াকৈ পুনৰ পাকিস্তানক তীব্র কটাক্ষ কৰিছে ভাৰতে৷ কাশ্মীৰত মানৱ অধিকাৰ লংঘনক লৈ ভাৰতক আক্রমণ কৰিবলৈ গৈ ভাৰতীয় প্রতিনিধিৰ তীব্র সমালোচনাৰ সন্মুখীন হ’ল দেশখন৷ ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ বিষয়ক সন্মিলন ভাৰতৰ প্রতিনিধি ক্ষিতীজ ত্যাগীয়ে পাক প্রতিনিধিক একপ্রকাৰ সকীয়নি দি কয় যে ভাষণ দিয়াৰ কোনো যোগ্যতা নাই পাকিস্তানৰ৷ পাকিস্তান এখন ব্যর্থ দেশ বুলিও উল্লেখ কৰে ত্যাগীয়ে৷ কালি জেনেভাত অনুষ্ঠিত হৈছিল ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অধিৱেশন৷ এই অধিৱেশনত মুখামুখি হয় পাকিস্তানৰ আইন, বিচাৰ আৰু মানৱ অধিকাৰ মন্ত্রী আজম নাজিৰ তাৰাৰ তথা ৰাষ্ট্রসংঘত থকা ভাৰতৰ স্থায়ী প্রতিনিধি ক্ষিতীজ ত্যাগী৷ পাক মন্ত্রীগৰাকীয়ে কাশ্মীৰত দীর্ঘদিন ধৰি মানৱ অধিকাৰ লংঘন হৈ থকা বুলি অভিযোগ কৰে৷ তেতিয়াই ক্ষিতীজ ত্যাগীয়ে কয় যে কাশ্মীৰৰ পৰিস্থিতিক লৈ পাকিস্তানে পূর্বৰে পৰা ভুৱা তথ্য দি আহিছে৷ যিখন দেশে অন্য দেশৰ সহায় লৈ চলি থাকিবলগীয়া হৈছে, সেইখন দেশৰ ভাষণ দিয়াৰ কোনো যোগ্যতা নাই বুলিও ত্যাগীয়ে মন্তব্য কৰে৷

You might also like