৩৬ স্থানত পাকিস্তান সেনাৰ আক্রমণ ব্যর্থ ভাৰতৰ
🔹 ‘অপাৰেচন সিন্দূৰ’ত বিধ্বস্ত সন্ত্রাসবাদী ৰাষ্ট্র
নিউজ ডেস্ক, ১০ মে’ : অপাৰেচন সিন্দূৰেৰে পাকিস্তান -ক প্রত্যাঘাত কৰাৰ পাছত চিৰবৈৰী ৰাষ্ট্রখনৰ সৈতে ভাৰতৰ উত্তেজনা বৃদ্ধি পাই আছে৷ ভাৰতৰ চহৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা ড্রোন ভাৰতীয় সেনাই মাজ আকাশতে প্রতিহত কৰি পাকিস্তানৰ সকলো আক্রমণ ব্যর্থ কৰাৰ পাছত পাকিস্তানী সেনাই জম্মু–কাশ্মীৰৰ এলঅ’চি আৰু আন্তর্জাতিক সীমান্তত ধাৰাসাৰ গোলাবর্ষণেৰে পৰিস্থিতি উত্তেজনাময় কৰি তুলিছে৷ অপাৰেচন সিন্দূৰ সন্দর্ভত কালি সন্ধিয়া ৫.৩০ বজাত বৈদেশিক মন্ত্রালয়ে আয়োজন কৰা সংবাদ মেলত পাকিস্তানৰ আক্রমণ ভাৰতে সম্পূর্ণৰূপে প্রতিহত কৰাৰ তথ্য দাঙি ধৰে৷ বৈদেশিক সচিব বিক্রম মিশ্রি, কর্নেল ছোফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে সম্বোধন কৰা সংবাদ মেলত ৭ মে’ত ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি সন্দর্ভত বিতং ব্যাখ্যা আগবঢ়ায়৷ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চলাই থকা মিথ্যাচাৰক উদঙাই দিয়া হয় এই সংবাদ মেলত৷ বৈদেশিক সচিব মিশ্রিয়ে কয় যে পাকিস্তানে মিছাৰ আশ্রয় লৈ ভাৰতৰ বিৰুদ্ধে আক্রমণ সন্দর্ভত ভুৱা তথ্য প্রচাৰ কৰি আছে৷ বৈদেশিক সচিব মিশ্রিয়ে সংবাদ মেল সম্বোধন কৰাৰ পূর্বে কর্নেল কুৰেশ্বিয়ে কয়– ৮ আৰু ৯ মে’ৰ মাজনিশা পাকিস্তানী সেনাই ভাৰতৰ পশ্চিম প্রান্তৰ সীমান্তৰ লেহৰ পৰা ছাৰগ্রীকলৈকে সামৰিক ঘাটিত আক্রমণ কৰিবলৈ চেষ্টা চলায়৷ পাকিস্তানী সেনাই অনুপ্রৱেশৰ বাবে ড্রোনো ব্যৱহাৰ কৰিছিল৷ ভাৰতীয় সশস্ত্র বাহিনীয়ে কাইনেটিক আৰু নন–কাইনেটিক মেথড ব্যৱহাৰ কৰি পাকিস্তানী ড্রোন প্রতিহত কৰিছে৷ এই ড্রোনসমূহ চোৰাংচোৱা হিচাপে ব্যৱহাৰ কৰিছিল৷ পাকিস্তানে ৩০০–৪০০ ড্রোনেৰে ভাৰতৰ ৩৬টা স্থান লক্ষ্য কৰি নিক্ষেপ কৰিছিল৷ কিন্তু এই আটাইবোৰ ড্রোন ভাৰতৰ সশস্ত্র সেনাই প্রতিহত কৰিছে৷ আমি ড্রোনৰ বিশ্লেষণ কৰি পোৱা প্রাৰম্ভিক তথ্য মতে পাকিস্তানে ব্যৱহাৰ কৰা ড্রোন আছিল তুৰস্কৰ ছোনগাৰ ড্রোন৷ পাকিস্তানী ইউএভিৰে ভাটিণ্ডা সামৰিক ঘাটিত আক্রমণৰ চেষ্টা চলাইছিল৷ কিন্তু এই আক্রমণ সম্পূর্ণৰূপে ব্যর্থ কৰে৷ পাকিস্তানৰ এই আক্রমণৰ প্রত্যাঘাত হিচাপে ভাৰতেও পাকিস্তানৰ ৪টা সামৰিক ঘাটিত ড্রোনেৰে আক্রমণ কৰিছে৷ ইয়াৰে এটা ড্রোন পাকিস্তানে এডি ৰাডাৰৰ সহায়ত ধ্বংস কৰিবলৈ সক্ষম হৈছে৷ পাকিস্তানে গধুৰ অস্ত্র আৰু ড্রোন ব্যৱহাৰ কৰিছে জম্মু–কাশ্মীৰ উড়ি, পুঞ্চ, ৰাজৌৰি, আখনুৰ আদি অঞ্চলত৷ পাকিস্তানী সেনাৰ এই আক্রমণত ভাৰতৰ কেইবাজনো জোৱান হতাহত হৈছে৷ ইপিনে, উইং কমাণ্ডাৰ ব্যোমিকা সিঙে সংবাদ মেল সম্বোধন কৰি কয়– পাকিস্তানে এতিয়াও অসামৰিক বিমান সেৱা বন্ধ কৰা নাই৷ ৭ মে’ৰ দিনা অপ্রৰোচিত ড্রোন আৰু মিছাইলৰ আক্রমণ ব্যর্থ হোৱাৰ পাছতো পাকিস্তানে অসামৰিক বিমান সেৱা বন্ধ কৰা নাই৷ দেশখনে অসামৰিক যাত্রী বিমানক ঢাল হিচাপে লৈছে৷ কিয়নো তেওঁলোকে জানে যে ভাৰতৰ বায়ু প্রতিৰক্ষা অতি দক্ষ৷ ভাৰত আৰু পাকিস্তানৰ আন্তর্জাতিক সীমাৰ সমীপত অসামৰিক যাত্রীৰ বিমানৰ উৰণ সুৰক্ষিত নহয়৷ তেনেদৰে আন্তর্জাতিক বিমানৰ উৰণো সুৰক্ষিত নহয়৷ পঞ্জাব ছেক্টৰত উচ্চ পর্যায়ৰ বায়ু প্রতিৰক্ষাৰ স্ক্রীনশ্বট সংবাদ মেলত প্রদর্শন কৰা হয়৷ মন কৰিবলগীয়া যে ভাৰতীয় আকাশমার্গত সম্পূর্ণৰূপে অসামৰিক যাত্রীৰ বিমান বন্ধ কৰি ৰখা হৈছে৷ কিন্তু কৰাচী আৰু লাহোৰৰ মাজত এতিয়াও দেশখনে অসামৰিক বিমান সেৱা অব্যাহত ৰাখিছে৷ ভাৰতীয় বায়ু সেনা বাহিনীয়ে আন্তর্জাতিক অসামৰিক বিমানৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সংযম ৰক্ষা কৰি চলিছে৷ পাকিস্তানে ৯ মে’ৰ দিনাও ভাৰতীয় আকাশমার্গ কেইবাবাৰো উলংঘন কৰিছে৷ ইপিনে, বৈদেশিক সচিব মিশ্রিয়ে কয় যে পাকিস্তানৰ সকলো আক্রমণ ভাৰতীয় সেনাই সম্পূর্ণ প্রতিহত কৰিছে৷ পাকিস্তান চৰকাৰৰ মিথ্যাচাৰক উদঙাই দি দেশখনে ভাৰতৰ বিৰুদ্ধে চলোৱা সকলো আক্রমণ ভাৰতীয় সেনাই প্রতিহত কৰাই নহয়, যথোচিত প্রত্যুত্তৰ দিছে আৰু পৰৱর্তী সময়তো দুগুণ শক্তিৰে চিৰবৈৰী ৰাষ্ট্রখনক প্রত্যুত্তৰ দিব৷
জম্মু–কাশ্মীৰ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থানত পাকিস্তানৰ ধাৰাসাৰ ড্রোন আক্রমণ
পাকিস্তানী সেনাই কালিও সন্ধিয়াৰ পৰা জম্মু–কাশ্মীৰ, পঞ্জাব আৰু ৰাজস্থানত ড্রোনেৰে আক্রমণ অব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে গুজৰাটতো পাকিস্তানী সেনাই ড্রোনেৰে আক্রমণ চলাইছে৷ সামৰিক প্রতিষ্ঠানৰ লগতে অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লৈ পাক সেনাই নিক্ষেপ কৰা ড্রোন মাজ আকাশতেই প্রতিহত কৰিছে ভাৰতীয় সেনাই৷ তথ্য মতে, জম্মু–কাশ্মীৰ এলঅ’চিৰ সমীপৰ জম্মু, ছাম্বা আৰু ৰাজৌৰীত পাকিস্তানী সেনাই ড্রোনেৰে আক্রমণ অব্যাহত ৰাখিছে৷ তেনেদৰে পঞ্জাবৰ পাঠানকোট আৰু অমৃতসৰত ড্রোন আক্রমণ, ৰাজস্থানৰ পোখৰানতো ড্রোনেৰে আক্রমণ চলাইছে৷ অৱশ্যে পাকিস্তানৰ এই ড্রোনৰ আক্রমণ প্রতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বায়ু প্রতিৰক্ষা ব্যৱস্থাই৷ আনপিনে, দক্ষিণ কাশ্মীৰৰ কুপৱাৰা জিলাৰ এলঅ’চি, ছাম্বা, পুঞ্চ, উড়ি আৰু নগগাম হেনৱাৰা ছেক্টৰত পাকিস্তানী সেনাই প্রচণ্ড গোলাবর্ষণ কৰিছে ৷ অবন্তিপুৰাৰ বায়ুসেনাৰ ঘাটিত পাকিস্তানী সেনাই ড্রোনেৰে আক্রমণ কৰে যদিও এই আক্রমণ প্রতিহত কৰিছে ভাৰতীয় সেনাই৷ আনহাতে, জম্মুত প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে৷ চহৰখনত পুনৰ ব্লেকআউট পালন কৰা হৈছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রচাৰিত তথ্য অনুসৰি শ্রীনগৰ বিমানবন্দৰৰ সমীপত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে৷ শ্রীনগৰত পাকিস্তানী ড্রোনৰ আক্রমণ প্রতিহত কৰা হৈছে৷ পঞ্জাবৰ অমৃতসৰত প্রচণ্ড গুলীয়াগুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে৷ শেহতীয়া তথ্য মতে, ফিৰোজপুৰত পাকিস্তানী ড্রোনৰ আক্রমণত তিনিজন অসামৰিক লোক আহত হৈছে৷ আহতসকলক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে ৷