মালদ্বীপ-ক ৫০ মিলিয়ন মার্কিন ডলাৰৰ বিত্তীয় সাহায্য ভাৰতৰ
🔹 চুবুৰীয়া সাগৰীয় ৰাষ্ট্রখনক নতুন দিল্লীৰ সহায়
নতুন দিল্লী, ১৩ মে’ : সাগৰীয় চুবুৰীয়া ৰাষ্ট্র মালদ্বীপ-ক বিত্তীয় সাহায্যৰ সম্প্রসাৰণ কৰিছে ভাৰতে৷ মালদ্বীপত থকা ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ে কালি দেশখনক ট্রেজাৰী বিলৰ ৫০ মিলিয়ন মার্কিন ডলাৰ সাহায্য হিচাপে আগবঢ়োৱা বুলি বিবৃতিযোগে প্রকাশ কৰিছে৷ মালদ্বীপৰ বৈদেশিক মন্ত্রী আব্দুল্লা খলিলে ভাৰত চৰকাৰৰ এই বিত্তীয় সাহায্যত কৃতজ্ঞতা প্রকাশ কৰি দুয়োখন দেশৰ মাজত থকা গভীৰ সম্পর্ককে এই সাহায্যই প্রমাণিত কৰে বুলি ভাৰতক প্রশংসা কৰে৷ উল্লেখ্য যে মালদ্বীপ চৰকাৰৰ অনুৰোধৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী ট্রেজাৰী বিলৰ ৫০ মিলিয়ন মার্কিন ডলাৰ সাহায্য হিচাপে প্রদান কৰি বিত্তীয় সাহায্যৰ প্রক্রিয়াৰ সম্প্রসাৰণ কৰে৷ মালদ্বীপৰ বিত্ত মন্ত্রালয়ে প্রকাশ কৰা মতে, ২০১৯ চনৰ মার্চত ভাৰত চৰকাৰে এছবিআই আৰু ট্রেজাৰী বিলৰ জৰিয়তে দেশখনক বিত্তীয় সাহায্য প্রদান কৰিছিল৷ সুদবিহীন বার্ষিক এই সাহায্য সম্প্রসাৰণ কৰাৰ বাবে মালদ্বীপ চৰকাৰে জনোৱা আহ্বানক সন্মান জনাই নতুন দিল্লীয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ তাৎপর্যপূর্ণ যে ভাৰত আৰু মালদ্বীপৰ মাজত থকা দীর্ঘদিনীয়া বন্ধুত্বক আগবঢ়াই নিবলৈ বিগত বর্ষত দেশখনৰ ৰাষ্ট্রপতি মহম্মদ মুইঝুৱে ভাৰত ভ্রমণ কৰিছিল৷ উক্ত সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে হোৱা বার্তালাপত মালদ্বীপৰ ৰাষ্ট্রপতিগৰাকীক ভাৰতে সহায়–সমর্থনৰ আশ্বাস দিছিল৷ চুবুৰীয়া প্রথম নীতি আৰু ভিজন সাগৰক প্রাধান্য দি নতুন দিল্লীয়ে সাগৰীয় চুবুৰীয়া ৰাষ্ট্র মালদ্বীপক জৰুৰী সময়ত সহায়–সমর্থন কৰাৰ সমান্তৰালকৈ বিত্তীয় সাহায্যও প্রদান কৰি আহিছে৷ মালদ্বীপৰ বিকাশৰ যাত্রাত ভাৰতৰ সহায় সদায়ে থাকিব বুলিও বিবৃতিত প্রকাশ কৰা হৈছে৷