মেলব’ৰ্ন টেষ্টৰ পূর্বে সংকটত ভাৰত : অনুশীলনত আঘাতপ্রাপ্ত ৰোহিত শর্মা
নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : ঘৰুৱা দল অষ্ট্রেলিয়া আৰু টীম ইণ্ডিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ চতুর্থখন টেষ্ট ২৬ ডিচেম্বৰৰ পৰা মেলব’ৰ্নত অনুষ্ঠিত হ’ব৷ এই মেচখনৰ বাবে ভাৰতীয় দলক মেলব’ৰ্নত পূর্ণ প্রস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে৷ পিছে অনুশীলনথলীৰ পৰাই ভাৰতীয় অনুৰাগীৰ বাবে এক চিন্তনীয় খবৰ পোহৰলৈ আহিছে৷ শনিবাৰে অনুশীলনৰ সময়ত আঘাত পাইছিল লোকেশ ৰাহুলে৷ এইবাৰ ভাৰতীয় দলত আন এক আঘাতৰ সমস্যাই আগুৰি ধৰিছে৷ ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মাও আঘাতৰ সন্মুখীন হৈছে৷ নেট অনুশীলনৰ সময়ত কালি আঘাত পাইছে ৰোহিত শর্মাই৷ জানিব পৰা মতে, নেটত বেটিং কৰি থকাৰ সময়তে আঁঠুত আঘাত পাইছে ৰোহিতে৷ থ্র’ডাউন বিশেষজ্ঞ দয়াৰ সৈতে অনুশীলন চলাই থকাৰ সময়তে ৰোহিতে বাঁও আঁঠুত আঘাত পায় অধিনায়কগৰাকীয়ে৷ ইয়াৰ পিছতো ভাৰতীয় অধিনায়কগৰাকীয়ে কিছু সময় বেটিং কৰিবলৈ চেষ্টা কৰে৷ কিন্তু বিষ ক্রমাৎ অধিক হৈ পৰা বাবে অনুশীলন এৰিবলৈ বাধ্য হয় ৰোহিত৷ ইয়াৰ কিছু সময় পিছতে ৰোহিতক আঁঠুত বৰফৰ পেক পিন্ধি চকীত বহি থকা অৱস্থাত দেখিবলৈ পোৱা যায়৷ এই সময়ছোৱাত দলৰ ফিজিঅ’ও ৰোহিতৰ সৈতে থাকে৷ অৱশ্যে ৰোহিতৰ এই আঘাত বিশেষ গুৰুতৰ নহয়৷