নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালকৰ আসনত ভাৰত, ৰাহুল-জয়ছোৱালৰ দায়িত্বপূৰ্ণ ইনিংছ

🔹 বিশ্ব ক্ৰিকেটৰ দৃষ্টি নিবদ্ধ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত

🔹 ব্যৱধান ২৪ ঘন্টা : ভাৰতীয় বেটাৰৰ চমক

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : বিশ্ব ক্ৰিকেটৰ দৃষ্টি নিবদ্ধ হৈ থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰতি ক্ষণতে সলনি হৈছে ৰোমাঞ্চ। মাত্ৰ ২৪ ঘণ্টাৰ ব্যৱধান। সম্পূৰ্ণ পৃথক ছবি এখন ভাৰতৰ বেটিঙৰ। পাৰ্থত চলি থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত বেটিং ব্যৰ্থতাৰ সাক্ষী হৈছিল টীম ইণ্ডিয়া। ভাৰতে প্ৰথম ইনিংছ মাত্ৰ ১৫০ ৰানতে সামৰিবলৈ বাধ্য হৈছিল। অৱশ্যে দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে দ্বিতীয় ইনিংছত ভাৰতে ১৭২ ৰান সংগ্ৰহ কৰি এটাও উইকেট হেৰুওৱা নাই। দ্বিতীয় দিনৰ খেলৰ অন্তলৈ ভাৰতৰ অগ্ৰগতি ২১৮ ৰানৰ। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় দিনৰ শেষত জয়ছোৱাল-ৰাহুলৰ মসৃণ বেটিঙৰ বাবে চালকৰ আসনত বৰ্তমান টীম ইণ্ডিয়া। প্ৰথম ইনিংছত ভাৰতে কৰা ১৫০ ৰানৰ পিছত বেটিং কৰিবলৈ আহি প্ৰথম দিনটোৰ শেষলৈ অষ্ট্ৰেলিয়াই ৭টা উইকেট হেৰুৱাই ৬৭ ৰান সংগ্ৰহ কৰে। ভাৰতীয় বলাৰে কেংগাৰু বাহিনীক প্ৰথম ইনিংছত আজি ১০৪ ৰানত অল আউট কৰে। ফলত প্ৰথম ইনিংছত টীম ইণ্ডিয়াই ৪৬ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতীয় দুই বেটাৰে দ্বিতীয় ইনিংছ খুব সাৱধানতাৰে আৰম্ভ কৰে। কিছু সময় যোৱাৰ পিছত ভাৰতীয় বেটাৰ কেংগাৰু বাহিনীৰ বাবে মূৰৰ কামোৰণি হৈ পৰে। দ্বিতীয় দিনৰ খেলৰ অন্তলৈ জয়ছোৱালে ৯০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কে এল ৰাহুলে ৬২ ৰানৰ সুন্দৰ ইনিংছ খেলে। দুই ভাৰতীয় অ’পেনাৰে দ্বিতীয় ইনিংছত মুঠ ১৭২ ৰান সংগ্ৰহ কৰে। দ্বিতীয় দিনৰ সামৰণিলৈকে ভাৰতৰ সৰ্বমুঠ অগ্ৰগতি ২১৮ ৰানৰ। প্ৰথম ইনিংছত ভাৰতীয় দলটোৰ অধিনায়ক বুমৰাহে ৫টা উইকেট লাভ কৰে। অভিষেককাৰী হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰাৰ লগতে মহম্মদ ছিৰাজে লাভ কৰে দুটা উইকেট।

You might also like