নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেহেলগাম-ৰ নৰমেধত লস্কৰ–পাক নহয়, ভাৰত জড়িত

নিউজ ডেস্ক, ২৫ এপ্রিল : কাশ্মীৰৰ পেহেলগাম-ৰ নৰমেধ-ত সন্ত্রাসবাদীয়ে ২৬জন পর্যটকক গুলীয়াই হত্যা কৰা ঘটনাক লৈ ভাৰতজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ এই পাশৱিক আক্রমণৰ ঘটনাক বিশ্বৰ বিভিন্ন দেশে গৰিহণা দিছে৷ পেহেলগাম-ৰ সেই আক্রমণৰ মাষ্টাৰ মাইণ্ড হিচাপে ভাৰতে চিনাক্ত কৰিছে লস্কৰ–ই–তৈবাৰ কমাণ্ডাৰ ছইফুল্লা কাছুৰিক৷ আনকি, ভাৰতে এই কুখ্যাত সন্ত্রাসবাদীক মাটিৰ সৈতে মিহলি কৰি দিয়াৰ হুংকাৰো দিছে৷ কিন্তু ভাৰতৰ এনে দাবীৰ মাজতে ছইফুল্লাৰ দাবী- পাকিস্তান বা লস্কৰ–ই–তৈবা নহয়, পেহেলগামৰ আক্রমণ সংঘটিত কৰিছে ভাৰতে নিজেই৷ কৌশলপূর্ণভাৱে ভাৰতে এই হত্যাকাণ্ড সংঘটিত কৰি পাকিস্তান তথা লস্কৰ–ই–তৈবাৰ ওপৰত দোষ জাপি দিয়া বুলি ছ’চিয়েল মিডিয়াত অভিযোগ কৰিছে ছইফুল্লাই৷

You might also like