ভূমিকম্প : তুৰস্ক-ছিৰিয়াৰ পিছত তাজিকিস্তানৰ কাষত ভাৰত
বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ তুৰস্ক-ছিৰিয়াৰ পিছত এতিয়া ভাৰতে তাজিকিস্তানক ভূমিকম্পৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। আজি তাজিকিস্তানত হোৱা ভূমিকম্পৰ পিছত ভাৰতে পৰিস্থিতিৰ ওপৰত বিশেষ নজৰ ৰাখিছে। এই দুৰ্যোগৰ সময়ত ভাৰতে তাজিকিস্তানক সহায় কৰিব। সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাজিকিস্তানৰ ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লৈছে আৰু ইয়াৰ প্ৰভাৱৰ সৈতে জড়িত পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। তথ্য অনুসৰি ভাৰত তাজিকিস্তানৰ সৈতে যোগাযোগত আছে আৰু ভাৰত চৰকাৰৰ সংশ্লিষ্ট সংস্থাসমূহে প্ৰয়োজনীয় সহায়ৰ বাবে ঘনিষ্ঠ যোগাযোগ ৰক্ষা কৰি আছে।