‘বিশ্বৰ ভগনিয়াৰ বাবে ধৰমশালা নহয় ভাৰত’
শ্রীলংকান নাগৰিকৰ গোচৰ খাৰিজ কৰি ছুপ্রিম ক’ৰ্টৰ মন্তব্য
বিশ্বৰ ভগনিয়াৰ বাবে ধৰমশালা নহয় ভাৰত
নিউজ ডেস্ক, ২০ মে’ : ‘ভাৰত কোনো ধৰমশালা নহয়৷ সমগ্র বিশ্বৰ ভগনীয়াসকলক ইয়াত আশ্রয় দিয়া সম্ভৱ নহয়৷’– এক গোচৰৰ শুনানিৰ সময়ত মৌখিক পর্যবেক্ষণত আজি এইদৰে সৰৱ হ’ল উচ্চতম ন্যায়ালয়৷ শ্রীলংকাৰ তামিল নাগৰিকক আটক কৰাৰ বিৰুদ্ধে দেশৰ শীর্ষ আদালতখনত চলিছিল গোচৰ৷
এই গোচৰটো খাৰিজ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্রনৰ বিচাৰপীঠে পর্যবেক্ষণ আগবঢ়াই যে ভাৰতত বিচাৰিলেই আশ্রয় পোৱাটো সঠিক নহয়৷ আইনী সংবাদ পৰিৱেশনকাৰী ৱেবছাইট ‘লাইভ ল’ৰ প্রতিবেদন অনুসৰি ন্যায়াধীশ দত্তই কয়– ‘ভাৰত সমগ্র বিশ্বৰ ভগনিয়াৰ আশ্রয়স্থল হৈ পৰিছে নেকি? আমাৰ নিজৰেই ১৪০ কোটি জনসংখ্যা আছে৷ ভাৰত কোনো ধৰমশালা নহয় যে সমগ্র বিদেশী নাগৰিকসকলক আশ্রয়দান কৰিব পৰা যাব৷
লক্ষণীয়ভাৱে এই গোচৰটোৰ ক্ষেত্রত আবেদনকাৰী শ্রীলংকাৰ তামিল নাগৰিকৰ বিৰুদ্ধে ইউএপিএ গোচৰৰ অভিযোগ আছে৷ মাদ্রাজ উচ্চ ন্যায়ালয়ে ইয়াৰ পূর্বে জনাইছিল সাত বছৰৰ কাৰাদণ্ড শেষ হোৱাৰ পাছত অভিযুক্তই শীঘ্রে ভাৰত ত্যাগ কৰিব লাগিব৷ এই নির্দেশক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্রীলংকাৰ নাগৰিকগৰাকী৷