নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াৰ ভিতৰত চতুর্থ ক্ষমতাশালী ৰাষ্ট্র ভাৰত

নিয়মীয়া বাৰ্তা,  ২০ অক্টোবৰঃ এছিয়াৰ চতুর্থ পৰাক্রমী শক্তি হিচাপে চিহ্ণিত হৈছে ভাৰত৷ শেহতীয়াকৈ চীনৰ সীমান্তলৈ ভাৰতৰ প্রভাৱ বৃদ্ধি পাইছে৷ অষ্ট্রেলিয়াৰ ছিডনীস্থিত ল’ৱি ইনষ্টিটিউটছ এছিয়া পাৱাৰ ইনডেক্সত ভাৰতে চতুর্থ স্থান লাভ কৰিছে৷ ২৬খন ৰাষ্ট্র তথা অঞ্চলক লৈ এই সমীক্ষা চলাইছিল অষ্ট্রেলিয়ান সংস্থাটোৱে৷ অৱশ্যে ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত ব্যর্থ হোৱা আমেৰিকাৰ প্রভাৱ বিভিন্ন ক্ষেত্রত হ্রাস পাই আহিছে৷ কিন্তু আমেৰিকাক প্রত্যাহ্বান জনাই মহাশক্তিত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে চীন৷ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিভিন্ন ক্ষেত্রত বিতর্কিত মন্তব্যৰ পিছতে আমেৰিকাত আন্তর্জাতিক ক্ষেত্রত প্রভাৱ হ্রাস পাইছে৷

বাণিজ্যিক তথা বিভিন্ন বহুপাক্ষিক সম্পর্ক  বিঘ্ণিত হৈছে ট্রাম্পৰ বাবে৷ ছিডনীৰ সংস্থাটোৰ গৱেষণা মুৰব্বী তথা সঞ্চালক হার্ভে লেমাহিউৱে উল্লেখ কৰা অনুসৰি ক’ভিড–১৯ মহামাৰীয়ে সমগ্র বিশ্বৰ পৰিস্থিতি সলনি কৰি দিছে৷ আমেৰিকাৰ ক্ষেত্রত ক’ভিড সংকটে পূর্বৰ তুলনাত সমস্যা দুগুণ বৃদ্ধি কৰিছে৷

ইফালে মহামাৰীৰ বাবেই দেশখনৰ অর্থনীতি বিধ্বস্ত হৈ পৰা বুলিও উল্লেখ কৰিছে সংস্থাটোৰ গৱেষণা মুৰব্বীগৰাকীয়ে৷ আমেৰিকাৰ অর্থনীতিয়ে পুনৰ জীৱন লাভ কৰিবলৈ আৰু চাৰি বছৰ সময় লাগিব বুলি প্রতিষ্ঠানটোৱে সদৰী কৰিছে৷ অৱশ্যে এই সংকটৰ সময়তো চীনে অর্থনৈতিক ক্ষেত্রত অন্য দেশৰ তুলনাত নিজৰ পূর্বৰ স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ ক্ষেত্রত অৱশ্যে অর্থনৈতিক বিপর্যয় অন্য বহু দেশৰ তুলনাত অভাৱনীয় বুলি উল্লেখ কৰা হৈছে সমীক্ষাত৷

You might also like