নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানক অতিক্রমি বিশ্বৰ চতুর্থ বৃহত্তম অর্থনীতি ভাৰত

🔹 জাপানক অতিক্রমি বিশ্বৰ চতুর্থ বৃহত্তম অর্থনীতি ভাৰত

🔹 আমেৰিকা–চীন–জার্মানীৰ পিছত বিশ্ব অর্থনীতিৰ গুৰুত্বপূর্ণ স্থানত ভাৰত

নিউজ ডেস্ক, ২৬ মে’ : জাপানক অতিক্রম কৰি বিশ্বৰ চতুর্থ বৃহত্তম অর্থনীতিৰ দেশ হিচাপে চিহ্ণিত হৈছে ভাৰত৷ এই তথ্য পূর্বেই প্রকাশ পাইছে৷ এইবাৰ আনুষ্ঠানিকভাৱে এই দাবী কৰিলে নিটি আয়োগৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) বিভিআৰ সুব্রমণিয়মে৷

নিটি আয়োগৰ শীর্ষ বিষয়ববীয়াগৰাকীয়ে দাবী কৰা অনুসৰি, এই মুহূর্তত ভাৰতৰ অর্থনীতিৰ মুঠ মূল্যই ৪ ত্রিলিয়ন মার্কিন ডলাৰ অতিক্রম কৰিছে৷ বৃহত্তম অর্থনীতিৰ তালিকাত জাপানক অতিক্রম কৰি ভাৰত এতিয়া চতুর্থ বুলি মন্তব্য কৰে সুব্রমণিয়মে৷ আমেৰিকা, চীন আৰু জার্মানী আছে এই তালিকাত ভাৰততকৈ আগত৷ শীর্ষ স্থানত আমেৰিকা থকাৰ বিপৰীতে বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতি হিচাপে চিহ্ণিত হৈছে চীন৷ ইফালে এই তালিকাত তৃতীয় স্থানত আছে জার্মানী৷ ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হ’ব ভাৰত৷ নিটি আয়োগৰ চিইঅ’গৰাকীয়ে এই কথা ঘোষণা কৰিছে৷

স্মর্তব্য যে দুবছৰ পূর্বে স্বাধীনতা দিৱসৰ কার্যসূচীত লালকিল্লাত এই কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সেই সময়ত মোদীৰ এই দাবীক লৈ বিভিন্ন মহলে সংশয় প্রকাশ কৰিছিল৷ কিন্তু চৰকাৰে দাবী কৰা অনুসৰি সকলো সংশয় অতিক্রম কৰি দ্রুতগতিত আগবাঢ়িছে ভাৰতৰ অর্থনীতি৷  নিটি আয়োগৰ বৈঠকৰ শেষত চিইঅ’ সুব্রমণিয়মে কয়– ‘এই মুহূর্তত ভাৰতৰ অর্থনীতিয়ে ৪ ত্রিলিয়ন ডলাৰ অতিক্রম কৰিছে৷ বর্তমান বিশ্বৰ চতুর্থ বৃহত্তম অর্থনীতি ভাৰত৷ আমি এই গতি অক্ষত ৰাখিব পাৰিলে আগন্তুক আঢ়ৈ–তিনি বছৰৰ ভিতৰত আমি তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’ম৷ এই মুহূর্তত আমাৰ আগত আছে মাত্র আমেৰিকা, চীন আৰু জার্মানী৷’

প্রাথমিকভাৱে মোদী চৰকাৰৰ লক্ষ্য আছিল ২০০৭ চনৰ ভিতৰত ভাৰতক ৫ ত্রিলিয়ন ডলাৰৰ অর্থনীতি হিচাপে তুলি ধৰা৷ বেংকিং বিনিয়োগ সংস্থা জেফ্রিছৰ অর্থনীতি মূল্যায়নৰ প্রতিবেদন অনুসৰি ২০২৭ চনৰ ভিতৰত ৫ ত্রিলিয়ন অর্থাৎ ৫ লাখ কোটি ডলাৰ অর্থনৈতিক শক্তিত পৰিণত হ’ব ভাৰত৷ অৱশ্যে সেই লক্ষ্য পূৰণ নহ’লেও ২০২৯ চনৰ লোকসভা নির্বাচনৰ পূর্বে ভাৰতক তৃতীয় বৃহত্তম অর্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে কেন্দ্রীয় চৰকাৰে৷ ২০২৯ চনৰ লোকসভা নির্বাচনৰ পূর্বে ভাৰত তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’লে বিজেপিৰ বাবে নির্বাচনত জয়লাভৰ বিশেষ সুযোগ সৃষ্টি হ’ব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

স্মর্তব্য যে মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ মূল অভিযোগে হৈছে অর্থনীতিৰ দিশটোলৈ নজৰ নিদিয়া৷ বাৰে বাৰে নিবনুৱা সমস্যা আৰু আর্থিক বৃদ্ধিৰ হাৰক লৈ প্রশ্ণ তুলি আহিছে বিৰোধী শিবিৰে৷ এইবাৰ অর্থনীতিৰ সর্বাত্মক বৃদ্ধি দেখুৱাই সেই সকলো প্রশ্ণৰ উত্তৰ দিয়া হাতিয়াৰ লাভ কৰিলে বিজেপি চৰকাৰে৷ অৱশ্যে এই সার্বিক বৃদ্ধিৰ অর্থ এনে নহয় যে দেশৰ সর্বসাধাৰণ জনতাৰ জীৱনযাত্রাৰ মান উন্নত হ’ব৷ তথাপি নিটি আয়োগৰ তৰফৰ পৰা দেশৰ অর্থনীতিৰ আশাব্যঞ্জক ছবি তুলি ধৰাৰ লগে লগে মোদী চৰকাৰৰ সফলতাকেই বিভিন্ন মহলে এই ক্ষেত্রত ইংগিত কৰিছে৷

You might also like