নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰে পৰাস্ত : ভাৰতৰ সমীকৰণত লাগিছে আউল

🔹 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ শংকা

নিউজ ডেস্ক, ২৮ অক্টোবৰ : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিব নোৱাৰিলেও দুবাৰ ফাইনেলত প্রৱেশ কৰিছিল ভাৰতীয় দলে৷ ধাৰাবাহিকতা প্রদর্শনেৰে এইবাৰো ভাৰতে সহজেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’ব বুলি আশা কৰিছিল সকলোৱে৷ ইটোৰ পিছত সিটো টেষ্ট শৃংখলা জয়েৰে এই দিশত শক্তিশালী স্থিতি লাভ কৰিছিল ভাৰতীয় দলে৷ কিন্তু হঠাতে যেন এই সকলো সমীকৰণত লাগিল আউল৷ ডব্লিউটিচিৰ ফাইনেলৰ দৌৰত থকা ভাৰতীয় দল এতিয়া এই দৌৰৰ পৰা বাহিৰ হোৱাৰ শংকাতহে ভুগিছে৷ ভাৰতীয় দলৰ এই সকলো সমীকৰণত আউল লগাইছে নিউজিলেণ্ডে৷ সম্প্রতি ভাৰত ভ্রমণৰত কিৱি দলটোৱে ক্রিকেট বিশ্বত আধিপত্য বিস্তাৰ কৰি অহা ভাৰতীয় দলৰ দর্পচূর্ণ কৰাৰ সমান্তৰালকৈ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা ভংগ কৰাৰো উপক্রম হৈছে৷ প্রথম দুখন টেষ্টত ভাৰতক সহজেই পৰাস্ত কৰি শৃংখলা নিশ্চিত কৰি সকলোৰে পূর্বানুমান ভুল প্রমাণিত কৰে ট’ম লাথাম বাহিনীয়ে৷ ইয়াৰ লগে লগে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবেও ভাৰতৰ সমুখত এতিয়া কঠিন বাধা আহি পৰিছে৷ পুনে টেষ্টৰ পূর্বে ভাৰত টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ৬৮.০৬ শতাংশ পইণ্টেৰে শীর্ষত আছিল৷ আনহাতে, ৬২.৫০ শতাংশ পহণ্টেৰে দ্বিতীয় স্থানত আছিল অষ্ট্রেলিয়া৷ একেদৰে শ্রীলংকাই ৫৫.৫৬ শতাংশ পইণ্টেৰে তৃতীয়, দক্ষিণ আফ্রিকা ৪৭.৬২ শতাংশ পইণ্টেৰে চতুর্থ আৰু ৪৪.৪৪ শতাংশ পইণ্টেৰে নিউজিলেণ্ড পঞ্চম স্থানত আছিল৷ কিন্তু পুনেত পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ পইণ্টৰ শতকৰা হাৰ ৬২.৮২লৈ হ্রাস পাইছে৷ অৱশ্যে পহণ্ট তালিকাত ভাৰতৰ স্থান এতিয়াও অপৰিৱর্তিত আছে৷ পিছে অষ্ট্রেলিয়াতকৈ এতিয়া মাত্র ০.৩২ শতাংশ পইণ্টৰ সামান্য ব্যৱধানতহে আগবাঢ়ি আছে ভাৰত৷ আনহাতে, এই জয়ৰ পৰা লাভৱান হৈছে নিউজিলেণ্ড৷ ৫০ শতাংশ পইণ্ট লাভ কৰি দক্ষিণ আফ্রিকাক পিছলৈ ঠেলি চতুর্থ স্থানলৈ উন্নীত হৈছে দলটো৷ এই পর্যন্ত ভাৰত এই দৌৰৰ পৰা বাহিৰ হোৱা নাই যদিও তেনে বিপদেই গা কৰি উঠিছে৷ এই ছিজনৰ টেষ্ট চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ এতিয়া ৬খন মেচ বাকী আছে৷ কোনো দলৰ ওপৰত নির্ভৰ নকৰাকৈ ফাইনেলত প্রৱেশৰ বাবে ভাৰতে অতিকমেও ৪খন টেষ্টতে জয়ী হ’ব লাগিব৷ পিছে ভাৰতীয় দলৰ বাবে এই লক্ষ্য একপ্রকাৰ কঠিন হৈ পৰিছে৷ আগন্তুক ৬খন মেচৰ এখন ভাৰতে ফর্মত থকা নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব আৰু বাকী ৫খন মেচ শক্তিশালী অষ্ট্রেলিয়াৰ বিপক্ষে অষ্ট্রেলিয়াৰ ভূমিতে খেলিব লাগিব৷ অর্থাৎ নিউজিলেণ্ডৰ বিপক্ষে অন্তিমখন মেচত জয়ী হ’লেও ভাৰতে অষ্ট্রেলিয়াৰ বিপক্ষে বর্ডাৰ–গাভাস্কাৰ ট্ৰফীত তিনিখন মেচত জয়লাভ কৰিব লাগিব৷

You might also like