চকুৰ পলকতে অতিৰিক্ত টিকটৰ বিক্রী শেষ
🔹 চেম্পিয়নছ ট্রফীৰ ভাৰত–পাকৰ হাইভ’ল্টেজ মেচ
নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : চেম্পিয়নছ ট্রফীৰ ২৩ ফেব্রুৱাৰীত হ’বলগীয়া ভাৰত–পাকৰ হাইভ’ল্টেজ মেচখনক লৈ অধিক আগ্রহেৰে বাট চাই আছে বিশ্ববাসী৷ ডুবাইত অনুষ্ঠিত হ’ব এই বহু প্রতীক্ষিত মেচখন৷ ২০ ফেব্রুৱাৰীত ভাৰতে বাংলাদেশৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷ ২৩ ফেব্রুৱাৰীত হ’বলগীয়া ভাৰত–পাকৰ মেচখনৰ টিকটৰ বিক্রী ইতিমধ্যে সমাপ্ত হৈছে যদিও অনুৰাগীৰ সুবিধাৰ বাবে কিছুসংখ্যক অতিৰিক্ত টিকট বিক্রীৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অতিৰিক্ত টিকটসমূহো চকুৰ পলকতে বিক্রী হৈ যায়৷ দেওবাৰে ১.৩০ বজাৰ পৰা অতিৰিক্ত টিকট বিক্রী আৰম্ভ হয় যদিও বিয়লি ৩ বজাৰ ভিতৰতে সকলো টিকট বিক্রী হৈ যায়৷ ভাৰত–পাকৰ হাইভ’ল্টেজ মেচখনৰ টিকট বিক্রী ৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হয়৷ টিকট ক্রয় কৰাৰ বাবে ৱেবছাইটত সমৱেত হৈছিল কমেও ১ লাখ ৫০ হাজাৰ অনুৰাগী৷ অৱশ্যে ডুবাই ষ্টেডিয়ামত দর্শকৰ আসনৰ সংখ্যা মাত্র ২৫ হাজাৰ৷ আনকি ডুবাইৰ টিকট বিক্রী কেন্দ্রতো দীঘলীয়া শাৰী দেখা গৈছিল৷ বহু অনুৰাগী হতাশ মনেৰে উভতিছিল৷ সেয়েহে উক্ত মেচখনৰ বাবে কিছুসংখ্যক অতিৰিক্ত টিকট বিক্রী কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আইচিচিয়ে৷ উক্ত অতিৰিক্ত টিকটসমূহো বিক্রী হ’বলৈ বেছি সময় নালাগিল৷ অৱশ্যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মেচখনৰ কিছুসংখ্যক টিকট এতিয়াও উপলব্ধ৷