এছিয়া কাপ : পুনৰ মুখামুখি চিৰবৈৰী ভাৰত–পাকিস্তান
বিশেষ বাৰ্তা, ৬ জানুৱাৰীঃ যোৱা বছৰ তিনিবাৰ মুখামুখি হৈছিল ক্রিকেটৰ চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ চলিত বছৰতো দুয়োটা দল মুখামুখি হোৱাটো নিশ্চিত হৈছে৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহে টুইটযোগে জানিবলৈ দিয়ে যে এইবছৰৰ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তান এছিয়া কাপত পুনৰ মুখামুখি হ’ব৷ প্রতিযোগিতাখনত দুয়োটা দলকে একেই গ্রুপত ৰখা হৈছে৷ এছিয়ান ক্রিকেট কাউন্সিলৰো সভাপতি শ্বাহে টুইটযোগে ২০২৩ আৰু ২০২৪ চনৰ বিভিন্ন ক্রিকেট প্রতিযোগিতা আৰু তাৰ সূচী প্রকাশ কৰিছে৷ সেই অনুসৰি এইবছৰৰ ছেপ্টেম্বৰতে অনুষ্ঠিত হ’ব এছিয়া কাপ আৰু তাত একেটা গ্রুপত ৰখা হৈছে চিৰন্তন বৈৰী দল দুটাক৷ এই গ্রুপত তৃতীয়টো দল হিচাপে কোনো দলে যোগ্যতা অর্জন কৰিব লাগিব৷ আনটো গ্রুপত আছে শ্রীলংকা, বাংলাদেশ আৰু আফগানিস্তান৷ দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত নোহোৱা বাবে ভাৰত–পাকিস্তানৰ মেচ উপভোগ কৰাৰ বাবে এতিয়া ভৰসা কেৱল এছিয়া কাপ আৰু আইচিচিৰ প্রতিযোগিতাসমূহ৷ যোৱা বছৰ এছিয়া কাপৰ গ্রুপ পর্বৰ মেচত পাকিস্তানক হৰুৱাইছিল ভাৰতে৷ অৱশ্যে ছুপাৰ ফ’ৰৰ মেচত পাকিস্তানৰ হাতত পৰাজিত হৈছিল ৰোহিত শর্মাৰ দল৷ ফাইনেলতো দল দুটা মুখামুখি হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল৷ কিন্তু ছুপাৰ ফ’ৰত পাকিস্তানৰ পিছত শ্রীলংকাৰ হাততো পৰাজিত হোৱাত ভাৰতে ফাইনেললৈ যোগ্যতা অর্জন কৰিব নোৱাৰিলে৷ ফাইনেলত পাকিস্তানক হৰুৱাই ট্রফী জয় কৰে শ্রীলংকাই৷ টি–২০ বিশ্বকাপৰো প্রথমখন মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ নামিছিল ভাৰতে৷ মেচখনত বিৰাট কোহলিৰ অপৰাজিত ৮২ ৰানৰ দুর্দান্ত ইনিংছটোৰ বাবেই ভাৰতে জয়লাভ সাব্যস্ত কৰে৷ অৱশ্যে এই পৰাজয়ৰ পিছতো বিশ্বকাপৰ ফাইনেল খেলে পাকিস্তানে৷ ছেমিফাইনেলত ইংলেণ্ডৰ হাতত পৰাজিত হৈ বিদায় লয় ভাৰতে৷ ইংলেণ্ডে ফাইনেলত পৰাজিত কৰে পাকিস্তানক৷