ভাৰতে আক্ৰমণ বন্ধ কৰিলে, তেন্তে আমিও বন্ধ কৰিবলৈ সাজু : পাক
পাকিস্তানে আৰু কোনো লোকচান নিবিচাৰে
নিউজ ডেস্ক, ১০ মে’ : ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান সংঘাতৰ মাজতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক ডাৰে এটা ডাঙৰ বিবৃতি দিছে। তেওঁ কৈছে যে যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও বন্ধ কৰিবলৈ সাজু। লগতে তেওঁ কয় যে পাকিস্তানে আৰু কোনো লোকচান নিবিচাৰে।
পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক ডাৰে কয়, “আমি নিজৰ ক্ষতি কৰিব নিবিচাৰো। আমি ধ্বংস আৰু ধনৰ অপচয় নিবিচাৰো।” তেওঁ আৰু কয়, “পাকিস্তানে সদায় শান্তি বিচাৰিছিল আৰু যদি এই সময়ত ভাৰত বন্ধ হয় তেন্তে আমিও শান্তিৰ কথা বিবেচনা কৰিম আৰু প্ৰতিশোধ বা একো নকৰো। আমি সঁচাকৈয়ে শান্তি বিচাৰো।”
ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়ত এই বক্তব্য প্ৰকাশ কৰিছে। পাকিস্তানে অহৰহ ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণৰ চেষ্টা চলাই আছে, যাৰ প্ৰতি ভাৰতীয় সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্যে আজি পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক ডাৰৰ সৈতে বাৰ্তালাপ কৰা আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এই বক্তব্য প্ৰকাশ কৰা হৈছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰেছ বিবৃতি অনুসৰি ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰত্যক্ষ আলোচনাৰ বাবে আবেদন জনোৱা হৈছে। সচিব ৰুবিঅ’ই আলোচনাৰ জৰিয়তে উত্তেজনা হ্ৰাস কৰিব লাগিব বুলি কয়।
পাকিস্তানে পুনৰ ২৬ স্থানত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল, তাৰ পিছত ভাৰতীয় সেনায়ো উপযুক্ত উত্তৰ দিছিল। ভাৰতীয় সেনাই কয় যে প্ৰতিশোধমূলক আক্ৰমণৰ পৰা হাত সাৰিবলৈ পাকিস্তানে সীমান্ত অঞ্চলত নিজৰ আকাশমাৰ্গ বন্ধ কৰা নাছিল আৰু অসামৰিক বিমান নিষিদ্ধ কৰা নাছিল।