আমেৰিকাৰ পৰা ‘হাণ্টাৰ কিলাৰ’ আনিব ভাৰতে
🔹 পাইলটবিহীন যুঁজাৰু ড্রোনে ধ্বংস কৰিব শত্রুৰ ঘাটি
নিউজ ডেস্ক, ১৬ আগষ্ট : আমেৰিকাৰ সৈতে সামৰিক চুক্তিয়ে অধিক গতি লাভ কৰিছে ভাৰতৰ৷ দেশখনৰ পৰা ৩১খন এমকিউ–৯বি বিমান ক্রয় কৰিব ভাৰতে৷ এই বিমানক ‘হাণ্টাৰ কিলাৰ’ নামেৰে জনা যায়৷ এই যুদ্ধ বিমান চলাবলৈ প্রয়োজন নহয় কোনো পাইলটৰ৷ উচ্চ শক্তিসম্পন্ন এই ড্রোন বিমানবোৰ ক্রয়ৰ ক্ষেত্রত আলোচনাই অধিক গতি লাভ কৰা বুলি কেন্দ্রীয় চৰকাৰৰ সূত্রই সদৰী কৰিছে৷ সূত্রই সদৰী কৰা অনুসৰি চলিত বছৰৰ নৱেম্বৰ–ডিচেম্বৰ মাহত এই চুক্তিত স্বাক্ষৰ কৰিব ভাৰতে৷ সেই অনুসৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছে৷ সাম্প্রতিক সময়ত চীন আৰু পাকিস্তানে কূটনৈতিক পথেৰে যিধৰণে আগবাঢ়িছে, তাত আমেৰিকাৰ সৈতে ভাৰতৰ এই সামৰিক চুক্তি যথেষ্ট তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে কূটনৈতিক বিশেষজ্ঞসকলে৷ পূব লাডাখ আৰু অৰুণাচল সীমান্তত চীনৰ সেনা আৰু সমৰসজ্জা মোতায়েন অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অকল সেয়াই নহয় পাকিস্তানকো চীনে সামৰিক সাহায্য আগবঢ়াই আহিছে৷ সূত্রই দাবী কৰা অনুসৰি চীনৰ পৰা কাই হং–৪ আৰু উইং লুং–২ ড্রোন সৰবৰাহ কৰা হৈছে পাকিস্তানলৈ৷ ইতিমধ্যে পাকিস্তানৰ হাতত ৭খন কাই হং–৪ ড্রোন আছে৷ শেহতীয়াকৈ বেইজিঙৰ পৰা ১৬খন কাই হং–৪ ড্রোন বিচাৰিছে ইছলামাবাদে৷ লক্ষণীয়ভাৱে আমেৰিকাৰ পৰা ভাৰতে ক্রয় কৰিব বিচৰা এমকিউ–৯বি ড্রোন বিমান চীনৰ ড্রোনসমূহতকৈ অধিক শক্তিশালী৷ ৪০ হাজাৰ ফুটতকৈ অধিক ওপৰৰ পৰা নজৰদাৰী চলাব পাৰে পাইলটবিহীন এই হাণ্টাৰ কিলাৰ বিমানে৷ একেলগে ৪০ ঘণ্টাতকৈও বেছি আকাশত উৰিব পাৰে এই ড্রোন বিমানে৷ এই ড্রোন বিমানত আছে হেলফায়াৰ ক্ষেপণাস্ত্র৷