নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধবিধ্বস্ত গাজালৈ ২০ কোটিৰ সাহায্য ভাৰতৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ যুদ্ধবিধ্বস্ত পেলেষ্টাইনলৈ মানৱীয় সাহায্য প্রেৰণ কৰিলে ভাৰতে৷ গাজাত দুর্গত লোকক সহায়ৰ বাবে ২০ কোটি টকাৰ সাহায্য প্রেৰণ কৰা হৈছে ৰাষ্ট্রসংঘৰ ত্রাণ তহবিললৈ৷ চলিত বিত্তীয় বর্ষত মুঠ ৪১ কোটি টকা যুদ্ধবিধ্বস্ত গাজাৰ পেলেষ্টাইনীসকলক প্রদান কৰাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছিল ভাৰতে৷ সেই অনুদানৰ প্রথম অংশ আজি প্রেৰণ কৰা হৈছে৷ স্মর্তব্য যে ১৯৫০ চনৰ পৰা পেলেষ্টাইনী শৰণার্থীসকলৰ বাবে কাম কৰি আহিছে ৰাষ্ট্রসংঘৰ ৰিলিফ এণ্ড ৱর্কছ এজেঞ্চীয়ে৷ ইজৰাইল–হামাছৰ যুদ্ধৰ ফলত বিপর্যস্ত সাধাৰণ জনতাক সহায় কৰাই এই সংস্থাৰ মূল উদ্দেশ্য৷ দীর্ঘদিন ধৰি এই সংস্থালৈ অনুদান আগবঢ়াই আহিছে ভাৰতে৷ বিগত বিত্তীয় বর্ষত দিয়া হিচাপ অনুসৰি ভাৰতৰ তৰফৰ পৰা মুঠ ৩৫ নিযুত ডলাৰ আর্থিক সাহায্য আগবঢ়োৱা হৈছে পেলেষ্টাইনী শৰণার্থীসকলক৷

You might also like