বিশ্বৰ সর্বাধিক মুছলমানৰ দেশ হ’ব ভাৰত
🔹 পিউ ৰিচার্ছ চেণ্টাৰৰ প্রতিবেদন
নিউজ ডেস্ক, ৬ মার্চ : ২০৫০ চনৰ ভিতৰত ইণ্ডোনেছিয়াক অতিক্রম কৰি বিশ্বৰ সর্বাধিক ইছলাম ধর্মাৱলম্বী লোকে বাস কৰা দেশ হ’ব ভাৰত৷ লগতে হিন্দু ধর্মাৱলম্বী লোকৰ সংখ্যাও ভাৰতত বৃদ্ধি হ’ব৷ এই তথ্য প্রকাশ পাইছে এক গৱেষণাত৷ পিউ ৰিচার্ছ চেণ্টাৰৰ গৱেষণাৰ প্রতিবেদনত ভাৰতক লৈ এই সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ ইছলাম ধর্মাৱলম্বী আৰু হিন্দু ধর্মাৱলম্বী লোকৰ সংখ্যা বাঢ়িলেও পৃথিৱীজুৰি বৌদ্ধ ধর্মাৱলম্বী লোকৰ সংখ্যা অপৰিৱর্তিত হৈ থাকিব৷ প্রতিবেদনত এই কথাও প্রকাশ কৰা হৈছে যে সমগ্র বিশ্বত খ্রীষ্টান আৰু ইছলাম ধর্মৰ লোক অধিক হ’ব৷ ইউৰোপ, আমেৰিকা, এছিয়া, আফ্রিকা- এই সকলোতে এই দুই ধর্মাৱলম্বী লোকৰ সংখ্যা অধিক হ’ব৷ অৱশ্যে ইউৰোপ আৰু আমেৰিকাত খ্রীষ্টান ধর্মাৱলম্বী লোক সংখ্যাগুৰু হৈয়েই থাকিব৷ আনফালে, এছিয়া আৰু আফ্রিকাৰ অধিক অঞ্চলত ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যা অধিক হ’ব৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্র নেপালতো সনাতন ধর্মী সংখ্যাগুৰু হৈ থাকিব৷ ইয়াৰ বিপৰীতে বিশ্বৰ আন দেশসমূহত হিন্দু লোকৰ সংখ্যা তুলনামূলকভাৱে কম হ’ব৷ প্রতিবেদনত উল্লেখ কৰা মতে, সমগ্র বিশ্বত ধর্মীয় জনসংখ্যা প্রতিনিয়ত সলনি হৈ আছে৷ ইছলাম আৰু খ্রীষ্টান ধর্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি হ’লেও দুয়ো ধর্মৰ লোক সমান সমান হ’ব৷ ইউৰোপত মুছলিমৰ জনসংখ্যা ১০ শতাংশ বৃদ্ধি পাব৷ লক্ষণীয় যে আমেৰিকা আৰু ফ্রান্সৰ দৰে দেশত যি লোকে ধর্ম পালন নকৰে, তেনে লোকৰ সংখ্যা বৃদ্ধি পাব৷ ২০৫০ চনৰ ভিতৰত আমেৰিকাত খ্রীষ্টানৰ সংখ্যা কিছু হ্রাস পাই অখ্রীষ্টান লোকৰ সংখ্যা বাঢ়িব৷ ইহুদিৰ সংখ্যা কিছু পৰিমাণে হ্রাস পাব৷ মন কৰিবলগীয়া যে পিউ ৰিচার্ছ চেণ্টাৰৰ গৱেষণাৰ প্রতিবেদনত ইছলাম ধর্মাৱলম্বী আৰু খ্রীষ্টান ধর্মাৱলম্বী লোকৰ সংখ্যা সমান সমান হ’ব বুলি তথ্যত প্রকাশ পাইছে৷ সম্প্রতি বিশ্বত খ্রীষ্টান ধর্মাৱলম্বী লোকৰ সংখ্যা তুলনামূলকভাৱে ইছলাম ধর্মাৱলম্বী লোকতকৈ কিছু বেছি৷ অর্থাৎ পৰৱর্তী কিছু বছৰত ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি হৈ খ্রীষ্টান ধর্মাৱলম্বী লোক সমান হ’ব৷ কিন্তু খ্রীষ্টান ধর্মাৱলম্বী লোকৰ সংখ্যা বিশ্বজুৰি হ্রাস নাপাব৷