নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৭ৰ ভিতৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’ব ভাৰত

🔹 আন্তর্জাতিক মুদ্রা নিধিৰ মুখ্য অর্থনীতিবিদ গীতা গোপীনাথৰ ভৱিষ্যদ্বাণী

নিউজ ডেস্ক, ১৭ আগষ্ট : বিশ্বৰ অর্থনীতিৰ গুৰুত্বপূর্ণ শক্তি হ’বলৈ গৈ আছে ভাৰত৷ পঞ্চম স্থানতে নাথাকে, আগন্তুক ৩ বছৰৰ ভিতৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’ব ভাৰত৷ এই দাবী কৰিছে আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)ৰ মুখ্য অর্থনীতিবিদ গীতা গোপীনাথে৷ এক সাক্ষাৎকাৰত গীতা গোপীনাথে উল্লেখ কৰে যে ভাৰতৰ আর্থিক বৃদ্ধিৰ হাৰে প্রত্যাশা যোগাই তুলিছে৷ ব্লুমবার্গৰ এক প্রতিবেদন অনুসৰি. ২০২১ চনৰ শেষৰ তিনিটা মাহৰ হিচাপত ব্রিটেইনক অতিক্রম কৰি বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি হিচাপে চিহ্ণিত হৈছে ভাৰত৷ লক্ষ্য আছিল পাঁচ ত্রিলিয়ন ডলাৰৰ অর্থনীতি৷ ক’ৰোনাৰ বাবেই এই লক্ষ্যমাত্রাত উপনীত হ’ব নোৱাৰিলে ভাৰতে৷ কিন্তু সামগ্রিকভাৱে এতিয়াও দ্রুতগতিত আগবাঢ়িছে ভাৰতৰ অর্থনীতিয়ে৷ ক’ৰোনা, বিমুদ্রাকৰণ, জিএছটিৰ চাপ অতিক্রম কৰি বিশ্বৰ অন্যান্য দেশসমূহৰ তুলনাত ভাৰতৰ আর্থিক বৃদ্ধি দ্রুত গতিত সম্ভৱ হৈছে৷ গীতা গোপীনাথে সাক্ষাৎকাৰটোত উল্লেখ কৰে যে ভাৰতৰ বৃদ্ধিয়ে বিগত বিত্তীয় বর্ষটোত প্রত্যাশা যোগাই তুলিছে৷ তাৰ সুফল এতিয়াও পোৱা গৈছে৷ সেইবাবে সাধাৰণ জনতাৰ ক্রয় ক্ষমতা বৃদ্ধি পাইছে৷ গীতা গোপীনাথৰ মতে, সাধাৰণ জনতাৰ ক্রয় ক্ষমতা বৃদ্ধি পাইছে, সেয়া দুচকীয়া গাড়ী বিক্রী বৃদ্ধিৰে বুজিব পৰা যায়৷ চলিত বর্ষত কৃষি ক্ষেত্রতো ভাৰতে সুফল পাব বুলি মন্তব্য কৰিছে গোপীনাথে৷ গীতাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৭ চনৰ ভিতৰতেই বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হৈ পৰিব ভাৰত৷

You might also like