নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ভাৰতৰ মুখামুখি হ’ব নিউজিলেণ্ড

🔹 ধর্মশালাৰ মেচত বৰষুণৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : কাইলৈ বিশ্বকাপত নিউজিলেণ্ডৰ মুখামুখি হ’ব ভাৰত৷ দুয়োটা দলে এই পর্যন্ত প্রতিযোগিতাখনত এখনো মেচত পৰাজিত হোৱা নাই৷ দল দুটাই এই পর্যন্ত খেলা নিজৰ চাৰিওখন মেচতে জয়লাভ কৰিছে৷ ফলত কাইলৈ মেচখন আকর্ষণীয় হোৱাটো নিশ্চিত৷ কিয়নো মেচখনত যিকোনো এটা দলৰ বিজয়ৰ ৰথ স্তব্ধ হ’ব৷ মেচখনত নিউজিলেণ্ড বিজয়ী হ’লে পইণ্ট তালিকাৰ শীর্ষত থাকিব৷ আনহাতে, ভাৰতে জয়লাভ কৰিলে দলটো এক নং স্থানলৈ উন্নীত হ’ব৷ অৱশ্যে মেচখনত বতৰ কেনে থাকিব, তাৰ ওপৰত বহুখিনি নির্ভৰ কৰিছে৷ সাম্প্রতিক প্রদর্শনৰ ভিত্তিত কাইলৈ বিশ্ব ক্রিকেট অনুৰাগীয়ে এখন ৰোমাঞ্চকৰ মেচ উপভোগ কৰিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ অন্তিমবাৰ ধর্মশালাত মুখামুখি হৈছিল দক্ষিণ আফ্রিকা আৰু নেডাৰলেণ্ডছ৷ সেই মেচখন ৪৩ অভাৰৰ হৈছিল৷ বতৰ বিজ্ঞান বিভাগৰ পূর্বাভাস অনুযায়ী দ্বিতীয় ইনিংছ চলি থকা সময়ত বৰষুণে বিঘিনি ঘটাব পাৰে৷ সন্ধিয়া সাত বজাত ১৯ শতাংশ বৰষুণৰ সম্ভাৱনা আছে৷ আনহাতে, নিশা ৯ বজাত বৰষুণৰ সম্ভাৱনা ২৪ শতাংশলৈ আৰু ১০ বজাত ৪৭ শতাংশলৈ বৃদ্ধি পাব পাৰে৷ ইয়াৰ উপৰি মেচৰ সময়ছোৱাত আকাশ ডাৱৰীয়া হৈ থাকিব৷ ফলত বেগী বলাৰসকলে সুযোগ লাভ কৰিব৷ আইচিচিৰ নিয়ম অনুসৰি মেচৰ ফলাফল লাভৰ বাবে কমেও ২০ অভাৰকৈ বলিং কৰিব লাগিব৷ যদি সেয়া সম্ভৱ নহয়, তেনেহ’লে মেচ পৰিত্যাক্ত ঘোষণা কৰা হ’ব৷ সেই মেচৰ কোনো ৰিজার্ভ ডে’ নাই৷ সেইবাবে মেচ বাতিল হ’লে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব৷ উল্লেখ্য যে বিগত বিশ্বকাপত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত গ্রুপৰ মেচখন বৰষুণৰ বাবে বাতিল হৈছিল৷ মেচৰ সময় : ২ বজা৷

You might also like