ভাৰততেই নির্মাণ হ’ব অত্যাধুনিক যুদ্ধবিমানৰ ইঞ্জিন
🔹 দ্বিপাক্ষিক চুক্তিৰ প্রতি সেউজ সংকেত মার্কিন কংগ্রেছৰ
বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : আমেৰিকাৰ সহযোগিতাত ভাৰততেই নির্মাণ হ’ব অত্যাধুনিক যুদ্ধবিমানৰ ইঞ্জিন৷ যোৱা জুন মাহত ৱাশ্বিংটন আৰু নতুন দিল্লীৰ মাজত এই সন্দর্ভত চুক্তি স্বাক্ষৰ হয়৷ কালি সেই চুক্তিলৈ সেউজ সংকেত দিলে মার্কিন কংগ্রেছে৷ জুন মাহত প্রধানমন্ত্রী মোদীৰ আমেৰিকা ভ্রমণৰ সময়ত মার্কিন সংস্থা জেনেৰেল ইলেক্ট্রিক আৰু ভাৰতৰ হিন্দুস্তান এৰোনেটিক্স লিমিটেডৰ মাজত স্বাক্ষৰিত হৈছিল চুক্তি৷ কালি মার্কিন কংগ্রেছে এই চুক্তিত অনুমোদন জনাইছে৷ ইয়াৰ ফলত ভাৰততেই নির্মাণ হ’ব অত্যাধুনিক যুদ্ধবিমানৰ এফ–৪১৪ ইঞ্জিন৷ সম্ভৱ হ’ব প্রযুক্তিৰ হস্তান্তৰ৷ উল্লেখনীয় যে এতিয়ালৈকে ফাইটাৰ জেট তেজছৰ বাকী অংশ ভাৰতত নির্মাণ কৰিলেও ইঞ্জিন নির্মাণ হৈ আহিছে আমেৰিকাত৷ দীর্ঘদিন ধৰি এই প্রযুক্তি আমেৰিকাৰ পৰা পাবলৈ আগ্রহী হৈ আছে ভাৰত৷ এইবাৰ অত্যাধুনিক জেট ইঞ্জিন নির্মাণ সম্পর্কীয় দ্বিপাক্ষিক সহযোগিতা চুক্তিৰ ফলত স্বপ্ণ পূৰণ হ’ব ভাৰতৰ৷ অর্থাৎ ভাৰতীয় বায়ুসেনাৰ বাবে দেশৰ অভ্যন্তৰতেই নির্মাণ কৰিব পৰা যাব জেট ইঞ্জিন৷ উল্লেখনীয় যে আমেৰিকাৰ পৰা অত্যাধুনিক ড্রোন ক্রয় কৰিছে ভাৰতে৷ ইতিমধ্যে এই সন্দর্ভতো স্বাক্ষৰিত হৈছে চুক্তি৷ মোদীৰ আমেৰিকা ভ্রমণৰ সময়ত ড্রোন নির্মাণ কৰা সংস্থাৰ বিষয়ববীয়াসকলৰ সৈতেও সাক্ষাৎ হৈছিল৷ তেতিয়াই জানিব পৰা গৈছিল যে ভাৰতে ৩০খন ড্রোন ক্রয় কৰিব আমেৰিকাৰ পৰা৷ এমকিউ৯–চি গার্ডিয়ান ড্রোন কিনিবলৈ আগ্রহী মোদী চৰকাৰ৷ ইয়াৰ ফলত দুয়োখন দেশৰ মাজত ২০০ কোটিৰ পৰা ৩০০ কোটি ডলাৰৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ হ’ব পাৰে৷