আইচিচি ইভেণ্টত পাকিস্তানৰে নেখেলে ভাৰতে
🔹 বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থালৈ পত্র বিচিচিআইৰ
নিউজ ডেস্ক, ২৬ এপ্রিল : ২২ এপ্রিলত কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পাছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদলৈ পত্র লিখি ভৱিষ্যতৰ প্রতিযোগিতাত ভাৰত আৰু পাকিস্তানক একেটা গ্রুপতে নাৰাখিবলৈ অনুৰোধ জনাইছে৷ বিগত ১০ বছৰ ধৰি ভাৰত আৰু পাকিস্তানক প্রতিবাৰেই একেটা গ্রুপতে ৰখা হৈছে৷ বর্তমান ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ভাৰত আৰু পাকিস্তানক একেটা গ্রুপত ৰখাটো নিবিচাৰে৷ ব’ৰ্ডৰ উপ–সভাপতি ৰাজীৱ শুক্লাই স্পষ্ট কৰি দিছে যে মেন ইন ব্লু দলে পাকিস্তানৰ বিৰুদ্ধে কোনো দ্বিপাক্ষিক শৃংখলা খেলাৰ প্রশ্ণই নুঠে আৰু তেওঁলোকে বিশ্ব মঞ্চতো মেন ইন গ্রীনক বর্জন কৰাৰ হুংকাৰ দিছে৷ ব’ৰ্ডৰ উপ–সভাপতিগৰাকীয়ে লগতে কয় যে কেন্দ্রৰ পৰামর্শ অনুসৰি ভাৰতীয় ক্রিকেট ব’র্ডে কাম কৰিব৷ কেন্দ্রৰ নির্দেশ অনুসৰি পাকিস্তানৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক ক্রিকেট শৃংখলা স্তগিত ৰখা হৈছে৷ এইবাৰ ভাৰতে আইচিচি প্রতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে খেলিব নে নেখেলে, সেয়া আইচিচিৰ ওপৰত নির্ভৰ কৰিব৷ সাম্প্রতিক পৰিস্থিতিৰ বিষয়ে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে ভালদৰে জানে বুলি মন্তব্য কৰে ৰাজীৱ শুক্লাই৷ উল্লেখযোগ্য যে সদ্য সমাপ্ত চেম্পিয়নছ ট্ৰফীৰ পূর্বে বিচিচিআইৰ সৈতে হোৱা পূর্বৰ চুক্তি অনুসৰি পাকিস্তানে ভাৰতৰ বাহিৰত এদিনীয়া বিশ্বকাপৰ মেচ খেলিব৷ ইফালে, বছৰৰ শেষৰ ফালে বিচিচিআয়ে এছিয়া কাপ আয়োজন কৰাৰ কথা৷ বিষয়াসকলে নিৰপেক্ষ স্থানত প্রতিযোগিতাখন আয়োজন কৰাটো নিশ্চিত কৰিছে যদিও ভাৰত আৰু পাকিস্তানক একে গ্রুপত নে পৃথক গ্রুপত ৰাখিব সেয়া লক্ষণীয় হ’ব৷ ছেপ্টেম্বৰত প্রতিযোগিতাখনৰ স্থান নির্ধাৰণ কৰাৰ সম্ভাৱনা আছে৷ ইফালে, বিচিচিআয়ে এতিয়াও কণ্টিনেণ্টেল কাপৰ স্থান ঘোষণা কৰা নাই৷ উল্লেখযোগ্য যে ভাৰতে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ বাবে এছিয়া কাপৰ অন্তিম সংস্কৰণটো হাইব্রিড মডেলত আয়োজন কৰা হৈছিল৷ পাকিস্তানৰ পৰা আৰম্ভ হোৱা এই প্রতিযোগিতাখন ক্রমান্বয়ে শ্রীলংকালৈ স্থানান্তৰিত হয়, য’ত ফাইনেলখনো অনুষ্ঠিত হয়৷