নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান-ৰ সন্ত্রাসবাদৰ ৰাষ্ট্রসংঘত তথ্য–প্রমাণ দিব ভাৰতে

🔹 নিৰাপত্তা পৰিষদত ইছলামাবাদৰ মিথ্যাচাৰ উদঙাব দিল্লীয়ে

নিউজ ডেস্ক, ১২ মে’ : আন্তর্জাতিক মঞ্চত পাকিস্তান-ৰ মিথ্যাচাৰ উদঙাই দিবলৈ এইবাৰ পদক্ষেপ গ্রহণ কৰিছে ভাৰতে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ‘সন্ত্রাসবাদীৰ দেশ’ পাকিস্তানৰ প্রকৃত স্বৰূপ এইবাৰ উন্মোচন কৰাৰ সিদ্ধান্ত লৈছে নতুন দিল্লী প্রশাসনে৷ পেহেলগামসহ ভাৰতৰ ভূমিত একাধিক সন্ত্রাসবাদৰ ঘটনাৰ সৈতে পাকিস্তানৰ যে প্রত্যক্ষ যোগাযোগ আছে, ৰাষ্ট্রসংঘৰ মজিয়াত সেই সন্দর্ভত যাৱতীয় তথ্য–প্রমাণ তুলি ধৰাৰ প্রস্তুতি চলাইছে ভাৰতে৷ সূত্রই সদৰী কৰা অনুসৰি আগন্তুক সপ্তাহত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত সন্ত্রাসবাদী আক্রমণত পাকিস্তানৰ যোগাযোগৰ সমস্ত প্রমাণ দাখিল কৰাৰ বাবে এটা বিশেষ দল প্রেৰণ কৰিব ভাৰত চৰকাৰে৷ যোৱা ২২ এপ্রিলত কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণত ২৬জন নিৰীহ পর্যটক নিহত হৈছিল৷ এই আক্রমণত পাকিস্তানৰ দুজন সন্ত্রাসবাদী জড়িত হৈ থকাৰ প্রামাণিক তথ্য আছে ভাৰতৰ হাতত৷ লক্ষণীয় যে আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ–ই–তৈবাৰ ছায়া সংগঠন ‘দ্য ৰেজিষ্টেঞ্চ ফ্রণ্ট’–এ৷ এনে পৰিস্থিতিৰ মাজতে পাকিস্তানত সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলায় ভাৰতে৷ এই সময়ছোৱাত পাকিস্তানৰ সন্ত্রাসবাদৰ সৈতে সম্পর্কৰ বহু তথ্য আহি পৰিছে ভাৰতৰ হাতত৷ এই সকলো তথ্য ৰাষ্ট্রসংঘত দাখিল কৰিব ভাৰতে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ নিষেধাজ্ঞা কমিটীৰ আসন্ন বৈঠকত পাকিস্তানৰ সন্ত্রাসবাদৰ সৈতে যোগাযোগৰ সমস্ত তথ্য তুলি ধৰিব ভাৰতে৷ এই বৈঠকত ভাৰতৰ উচ্চ পর্যায়ৰ এক প্রতিনিধি দলে অংশগ্রহণ কৰিব৷ এই প্রতিনিধি দলৰ লক্ষ্য হ’ব পাকিস্তানৰ সমর্থনত জইছ–ই–মহম্মদ, লস্কৰ–ই–তৈবা, হিজবুল মুজাহিদীনৰ দৰে সন্ত্রাসবাদী সংগঠনৰ কার্যকলাপৰ প্রতি আন্তর্জাতিক দৃষ্টি আকর্ষণ৷ এই সংগঠনসমূহে ভাৰতৰ ভূমিত বিভিন্ন সময়ত সংঘটিত কৰি আহিছে কূটাঘাত৷ লক্ষণীয় যে ৰাষ্ট্রসংঘৰ তালিকাভুক্ত ২০টাতকৈ অধিক সন্ত্রাসবাদী সংগঠনক পাকিস্তানে নিজ ভূখণ্ডত আশ্রয় দিয়া বুলি দীর্ঘদিনৰে পৰা ভাৰতে অভিযোগ কৰি আহিছে৷

You might also like