সন্ত্রাসবাদ-ক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে
🔹 নতুন দিল্লীৰ কঠোৰ স্থিতি
নিউজ ডেস্ক, ১১ মে’ : সন্ত্রাসবাদ-ক লৈ ইজৰাইলৰ পথে ভাৰত৷ পাকিস্তানী সন্ত্রাসবাদীক নির্মূল কৰাৰ লক্ষ্যৰে অপাৰেচন সিন্দূৰ চলোৱা ভাৰতে এতিয়াৰে পৰা দেশৰ সন্ত্রাসবাদী আক্রমণক যুদ্ধৰ কার্য অথবা যুদ্ধ ঘোষণা হিচাপে বিবেচনা কৰিব৷ এই সন্ত্রাসবাদী আক্রমণৰ বিৰুদ্ধে ভাৰতে যথোচিত প্রত্যুত্তৰ দিব সন্ত্রাসবাদত জড়িত দেশৰ বিৰুদ্ধে৷ চুবুৰীয় চিৰবৈৰী ৰাষ্ট্র পাকিস্তানত লালিত–পালিত সন্ত্রাসবাদীয়ে ভাৰতত বিগত দশক দশক ধৰি সন্ত্রাসবাদী কার্যকলাপেৰে ভাৰতক অশান্ত কৰি ৰাখিছে৷ সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতে অভিযানো চলাই আহিছে৷ কিন্তু যোৱা ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ড খ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পাছত ভাৰতে পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰিছে৷ অপাৰেচন সিন্দূৰেৰে পাকিস্তানৰ ভূমিত প্রৱেশ কৰি সন্ত্রাসবাদীৰ ঘাটি তচনচ কৰিছে৷ ইয়াৰ পাছতে সন্ত্রাসবাদী আক্রমণৰ বিৰুদ্ধে কঠোৰতম নীতি গ্রহণ কৰাৰ লক্ষ্যৰে ভাৰতীয় ভূমিত সন্ত্রাসবাদী আক্রমণক যুদ্ধৰ কার্য হিচাপে বিবেচনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে চৰকাৰে৷ নতুন দিল্লীত আয়োজিত এক গুৰুত্বপূর্ণ বৈঠকত দেশৰ ভূমিত বিদেশী সন্ত্রাসবাদীয়ে প্রত্যক্ষভাৱে পাকিস্তানী সন্ত্রাসবাদীয়ে আক্রমণ কৰিলে যুদ্ধ কার্য হিচাপে পাকিস্তানক প্রত্যাঘাত কৰিব৷ লক্ষণীয় যে ইজৰাইলে দেশখনৰ ভূমিত সন্ত্রাসবাদী আক্রমণ চলালে সেই সন্ত্রাসবাদী সংগঠনৰ দেশত যুদ্ধ চলোৱা নীতি চলি আহিছে৷
প্রতিৰক্ষা মন্ত্রী–এনএছএ–তিনি সেনা বাহিনীৰ মুৰব্বীৰে পুনৰ বৈঠক প্রধানমন্ত্রীৰ
পাকিস্তানৰ সৈতে সংঘাত তীব্রতৰ হৈ উঠাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, এনএছএ অজিত দোভাল, তিনি সেনাৰ মুৰব্বীৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ নতুন দিল্লীত কালি বিয়লি প্রধানমন্ত্রীৰ বাসভৱনত অপাৰেচন সিন্দুৰৰ পাছত পাকিস্তানে চলাই থকা আক্রমণ সন্দর্ভত আলোচনা কৰে৷ এখন পূর্ণাংগ যুদ্ধৰ পৰিকল্পনাৰ লগতে অপাৰেচন সিন্দুৰ সন্দর্ভত তিনি সেনাৰ মুৰব্বী, প্রতিৰক্ষা মন্ত্রী আৰু এনএছএৰ সৈতে বৈঠকত সন্ত্রাসবাদক লৈ ভাৰতে কঠোৰ স্থিতি গ্রহণ কৰি থাকিব বুলি নিশ্চিত কৰি দিয়ে৷ ইপিনে, কালি বিয়লি ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিত সহমতত উপনীত হোৱাৰ কিছু সময়ৰ পাছতে প্রধানমন্ত্রী মোদীয়ে পুনৰ তিনি সেনাৰ মুৰব্বী, প্রতিৰক্ষা মন্ত্রী, এনএছএ দোভাল আৰু বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকত যুদ্ধবিৰতি সন্দর্ভত আলোচনা কৰি সন্ত্রাসবাদক লৈ কঠোৰতম স্থিতি গ্রহণ কৰি থকাৰ ওপৰত গুৰুত্ব দিয়ে৷ কেইঘণ্টামানৰ ভিতৰতে একেদিনাই প্রধানমন্ত্রী মোদীৰে দুখনকৈ বৈঠক অনুষ্ঠিত হোৱাটোৱে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰৱর্তী ৰণনীতি প্রস্তুতৰ ইংগিত দিয়ে৷