নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে বিশ্বকাপৰ ফাইনেলত ব্যৱহাৰ্য বেটক অৱসৰ মাৰ্নাছ লাবুশ্বানেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ আগষ্টঃ আইচিচিৰ পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বেটখন অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মাৰ্নাছ লাবুশ্বানে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই ঐতিহাসিক ফাইনেলত লাবুশ্বানেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই বেটৰ ছবি শ্বেয়াৰ কৰি ইয়াৰ দুৰ্বল অৱস্থাৰ তথ্য দিয়ে। ১২ আগষ্টৰ পুৱা ৯:২২ বজাত মাৰ্নাছ লাবুশ্বানে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দুখন ছবি শ্বেয়াৰ কৰিছিল। যিটো আছিল ভাৰতৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত ব্যৱহাৰ কৰা বেট। এই পোষ্টটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, “মই ভাবো এতিয়াই এই বিশ্বকাপৰ ফাইনেল বেটখন অৱসৰ লোৱাৰ সঠিক সময়।” ছবিবোৰত বেটৰ মাজৰ অংশটো যথেষ্ট ক্ষতিগ্ৰস্ত যেন লাগে, যাৰ পৰা বুজা যায় যে বেটখন আৰু খেলৰ বাবে উপযোগী নহয়। ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ অৱস্থা অতি বেয়া আছিল আৰু ২৪১ ৰানৰ লক্ষ্য খেদি যোৱাৰ সময়তে মাৰ্নাছ লাবুশ্বানে মেচখন সুস্থিৰ কৰি ট্ৰেভিছ হেডক ৰান সংগ্ৰহৰ সুযোগ দিছিল। হেডে ১২০ বলত ১৩৭ ৰান সংগ্ৰহ কৰি উজ্জ্বল ইনিংছ খেলাৰ বিপৰীতে মাৰ্নাছ লাবুশ্বানে ১১০ বলত ৫৮ ৰান সংগ্ৰহ কৰি মেচখন শেষলৈ লৈ যায়। লাবুশ্বানে আৰু হেডৰ মাজত ১৯২ ৰানৰ পাৰ্টনাৰশ্বিপে অষ্ট্ৰেলিয়াৰ জয় নিশ্চিত কৰে। মাৰ্নাছ লাবুশ্বানেৰ এই পোষ্টটোক লৈ ভাৰতীয় অনুৰাগীয়ে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনকি একাংশ অনুৰাগীয়ে লাবুশ্বানে ভাৰতৰ বিৰুদ্ধে কিয় এই উজ্জ্বল ইনিংছ খেলিলে বুলিও গালি পাৰিছিল। একে সময়তে একাংশ অনুৰাগীয়েও তেওঁৰ আৱেগিক পোষ্টটোৰ প্ৰশংসা কৰে। এজন ব্যৱহাৰকাৰীয়ে ধেমালিতে কয়, “আমি সেই বেট আৰু ইনিংছ মাৰ্নাছক ঘৃণা কৰো। আপুনি ইংলেণ্ডৰ বিৰুদ্ধে ভাল খেলিলেও আমি চিন্তা নকৰো, কিন্তু ভাৰতৰ বিৰুদ্ধে কিয়?”

You might also like