নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনা বিষয়া মেজৰ ৰাধিকা সেনলৈ ৰাষ্ট্রসংঘৰ বঁটা

বিশেষ বাৰ্তা, ২৯ মে’ : দেশৰ নাৰী শক্তিয়ে অগ্রগতি লাভ কৰিছে৷ দেশৰ সীমা অতিক্রম কৰি বিদেশতো ভাৰতীয় নাৰীয়ে খ্যাতি বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় সেনাৰ মেজৰ ৰাধিকা সেনক বিশেষ পুৰস্কাৰ আগবঢ়াব ৰাষ্ট্রসংঘই৷ কাইলৈ ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছে ৰাধিকাৰ হাতত তুলি দিব মিলিটেৰী জেণ্ডাৰ এডভোকেট এৱার্ড৷ ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বাহিনীৰ সদস্য মেজৰ ৰাধিকা৷ এই পুৰস্কাৰ প্রসংগত মেজৰ ৰাধিকা সেনৰ প্রশংসা কৰি ৰাষ্ট্রসংঘৰ সচিবপ্রধান গুটেৰেছে কয় যে ৰাধিকা এগৰাকী ‘লীডাৰ অৱ ৰোল মডেল’৷ এই সন্মান ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীসকলৰ কঠোৰ পৰিশ্রমৰ স্বীকৃতি বুলিও উল্লেখ কৰে গুটেৰেছে৷ উল্লেখনীয় যে ৰাষ্ট্রসংঘৰ এই সন্মান লাভ কৰা প্রথমগৰাকী ভাৰতীয় মহিলা সেনা বিষয়া হৈছে ৰাধিকা৷

You might also like