নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰেগন বাহিনীৰ ফৰ্মুলা জনাৰ বাবে ভাৰতীয় সেনাই শিকিব চীনা ভাষা

বিশেষ বাৰ্তা, ১৯ এপ্রিলঃ আগ্রাসী ৰঙা চীনৰ ড্রেগন বাহিনীক প্রতিহত কৰিবলৈ এক নতুন ৰণকৌশল অৱলম্বন কৰিছে নতুন দিল্লীয়ে৷ সত’তে সীমান্তত অস্থিৰতাৰ সৃষ্টিৰে ভাবুকীৰ কাৰক হৈ পৰা পিপল লিবাৰেচন আর্মি (পিএলএ)ৰ ভাৱধাৰা বুজিব পৰাকৈ ভাৰতীয় সেনাৰ বিষয়া–জোৱানে তেজপুৰ বিশ্ববিদ্যালয়ত শিকিব চীনা ভাষা৷ সমগ্র বিষয়টোক কার্যকৰী ৰূপ দিয়াৰ অর্থে আজি তেজপুৰ বিশ্ববিদ্যালয় আৰু ভাৰতীয় সেনাৰ মাজত এক বুজাবুজিৰ চুক্তি সম্পন্ন হয়৷ এই সন্দর্ভত লেফটেনেণ্ট কর্ণেল ৰাৱটে সংবাদ মাধ্যমৰ আগত কয় যে চীনা ভাষাৰ পাঠ্যক্রম শিকনে ভাৰতীয় সেনাৰ বিষয়া–জোৱানসকলৰ্ বিশেষজ্ঞতা বৃদ্ধি কৰাৰ লগতে প্রয়োজনত চীনৰ সৈন্য বাহিনীৰে মিলিত হ’ব লাগিলে, তেওঁলোকক অধিক দক্ষ কৰি তুলিব৷ বিশেষকৈ চীনা ভাষাৰ দক্ষতা বৃদ্ধিৰ ফলত আমাৰ সেনাবাহিনীয়ে নিজৰ কথাবোৰ অধিক ফলপ্রসূভাৱে প্রকাশ কৰিব পাৰিব৷ ই কমাণ্ডৰ বৈঠক, সীমান্ত বৈঠক, যৌথ অনুশীলন আদি বিভিন্ন ধৰণৰ মত বিনিময় আৰু পাৰস্পৰিক বুজাবুজিৰ ক্ষেত্রতো সহায়ক হ’ব৷ উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰতীয় সেনাৰ বাবে চীনা ভাষাৰ পাঠ্যক্রমটোৰ মুঠ সময় হ’ব ১৬ সপ্তাহৰ৷ লক্ষণীয়ভাৱে ভাৰত–চীনৰ মাজত দীর্ঘদিন ধৰি সংঘাত অব্যাহত আছে৷ শেহতীয়াকৈ ২০২০ চনৰ জুন মাহত লাডাখৰ গালোৱান উপত্যকাত দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত ৰক্কাত সংঘাতৰ সূচনা হোৱাৰ পৰৱর্তী সময়ত সীমান্তত অধিক তৎপৰ হৈ পৰিছে পিএলএ৷ সীমান্তত আন্তঃগাঁথনি নির্মাণৰ সমান্তৰালভাৱে সমৰসজ্জাে অব্যাহত ৰাখিছে৷ ইয়াৰ পৰা বাদ পৰি যোৱা নাই উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদে সংলগ্ণ সীমান্তও৷ বিগত বর্ষৰ ৯ ডিচেম্বৰত অৰুণাচল প্রদেশৰ টাৱাং ছেক্টৰত প্রকৃত নিয়ন্ত্রণ ৰেখা অতিক্রমী ভাৰত ভূখণ্ডত প্রৱেশ কৰিছিল চীনা সৈন্যৰ এটা গল৷ পিএলএৰ এই দলটোক যোগ্য প্রতুাত্তৰ দি খেদি পঠিয়াবলৈ ভাৰতীয় সেনাই সক্ষম হৈছিল৷ এনে পৰিস্থিতিত সীমান্তত সর্বদিশৰ পৰা তৎপৰ হৈ আছে নতুন দিল্লীও৷ তাৰ মাজতে তেজপুৰ বিশ্বদ্যিালয়ত ভাৰতীয় সেনাৰ বিষয়া–জোৱানক চীনা ভাষা শিকোৱাৰ বাবে লোৱা সিদ্ধান্ত যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷

You might also like