নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ পৰা উভতিব ভাৰতীয় মহাকাশচাৰী শুক্লা

🔹 এএক্স–৪ মিছন অনির্দিষ্ট কাললৈ স্থগিতৰ পিছতে আলোড়ন

নিউজ ডেস্ক, ২২ জুন : আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাৰ সৈতে যৌথভাৱে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোই প্রথমবাৰৰ বাবে আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছলৈ ভাৰতীয় মহাকাশচাৰী প্রেৰণৰ অভিযান এএক্স–৪ মিছন অনির্দিষ্ট কালৰ বাবে স্থগিত হোৱাৰ পিছত আমেৰিকাৰ পৰা মহাকাশচাৰী শুভাংসু শুক্লাক ওভতাই অনাৰ চর্চা আৰম্ভ হৈছে৷ ইতিমধ্যে এএক্স–৪ অভিযান উৎক্ষেপণৰ ছবাৰকৈ নির্ধাৰিত কার্যসূচী ৰকেটৰ বিজুতিৰ বাবে স্থগিত ৰখাৰ পিছত এই অভিযানৰ নতুনকৈ কোনো তাৰিখ নির্ধাৰণ কৰা হোৱা নাই৷ প্রকাশ কৰা মতে, অনির্দিষ্ট কাললৈ এই অভিযান স্থগিত ৰখা হৈছে৷ অভিযান স্থগিত ৰখাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ ফ্ল’ৰিডাত উৎক্ষেপণৰ সময়ত সাক্ষী হোৱাৰ লক্ষ্যৰে উপস্থিত থকা ইছৰোৰ অধ্যক্ষ আৰু ভাৰতীয় সহায়কাৰী দল উভতি আহিছে৷ ইছৰোৰ অধ্যক্ষ আৰু দলটো উভতি অহাৰ পিছত আমেৰিকাৰ পৰা আইএছএছলৈ যাবলগীয়া ভাৰতীয় মহাকাশচাৰী শুক্লাও উভতি আহিব বুলি সংবাদ মাধ্যমত আলোড়ন তুলিছে৷ অৱশ্যে ইছৰোৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, অধ্যক্ষ আৰু দলটোহে উভতি আহিছে৷ ফ্ল’ৰিডাত এতিয়াও আন মহাকাশচাৰীৰ সৈতে একেলগে আছে শুক্লা৷ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা নকৰালৈকে শুক্লা তাতেই থাকিব৷

You might also like