নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰাৰেত উপস্থিত ভাৰতীয় ক্রিকেট দল 

🔹 ৬ জুলাইৰ পৰা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলা 

বিশেষ বাৰ্তা, ৩ জুলাই : ঘৰুৱা দল জিম্বাব’ৱেৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোত অংশ লোৱাৰ উদ্দেশ্যে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটো হাৰাৰেত উপস্থিত হৈছে৷ নৱাগত খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৱে মঙলবাৰে নিশা ৰবার্ট গেব্রিয়েল মুগাবে আন্ত:ৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হয়৷ ভাৰতীয় দলটো বিমানবন্দৰত উপস্থিত হোৱাৰ ফটো জিম্বাব’ৱে ক্রিকেট ব’ৰ্ডে টুইটাৰত আপলোড কৰিছে৷ মঙলবাৰে পুৱা ভাৰতীয় দলটোৱে মুম্বাইৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে শুভমন গিলে নিউয়র্কৰ পৰা হাৰাৰেত উপস্থিত হয়৷ সদ্য সমাপ্ত টি–২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলটোৰ সৈতে ট্রেভেলিং ৰিজার্ভ খেলুৱৈ হিচাপে স্থান লাভ কৰা গিলে নিউয়র্কৰ পৰা হাৰাৰেলৈ ৰাওনা হৈছিল৷ উল্লেখ্য যে জিম্বাব’ৱেত উপস্থিত হোৱা ভাৰতীয় দলটোৰ প্রশিক্ষক হিচাপে আছে ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বী ভি ভি এছ লক্ষ্মণ৷ উল্লেখ্য যে ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো ৬–১৪ জুলাইলৈ হাৰাৰেত অনুষ্ঠিত হ’ব৷ ইফালে, শৃংখলাটোৰ প্রথম দুখন মেচত সঞ্জু ছেমছন, শিৱম ডুবে আৰু যশস্বী জয়ছোৱালে অংশগ্রহণ কৰিব নোৱাৰিব৷ বার্বাডোজৰ পৰা স্বদেশলৈ ৰাওনা হোৱাত বিলম্ব হোৱা বাবেই উক্ত তিনিগৰাকী খেলুৱৈয়ে ভাৰতীয় দলটোৰ সৈতে জিম্বাব’ৱেলৈ যাব নোৱাৰিলে৷ ফলত তেওঁলোকৰ স্থানত প্রথম দুখন মেচত বি ছাই সুদর্শন, হর্ষিত ৰাণা আৰু জিতেশ শর্মাক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

You might also like